গুৱাহাটী : বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটী মহানগৰীটো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। দেশৰ অগ্ৰণী আন্তৰ্জাতিক সামাজিক সংগঠন “অনুব্ৰত বিশ্ব ভাৰতী”ৰ গুৱাহাটী শাখা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাছ, মিছন পিছ আদিৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত গছ পুলি ৰোপণ আৰু গছৰ লালন পালন সন্দৰ্ভত এলানি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীত উপস্থিত থাকি গছ পুলি ৰোপণ কৰে সময়ে সময়ে প্ৰকৃতিৰ হকে নীৰৱে কৰ্ম সাধন কৰি অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। গছ পুলি ৰোপণ কৰি নিজৰ বক্তব্যত ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে গছ তথা অভৰাণ্য হ’ল আমাৰ প্ৰাকৃতিক ভেন্টিলেটৰ। এই প্ৰাকৃতিক ভেন্টিলেটৰৰ সুৰাক্ষৰ দায়িত্ব আমাৰ প্ৰত্যেকৰে। তেওঁ লগতে কয় যে যদি আমি ভৱিষ্যত প্ৰজন্মৰ কথা সঁচাই চিন্তা কৰোঁ তেনেহ’লে গছ পুলি ৰোপণৰ লগতে গছৰ লালন পালনেৰে সুৰক্ষিত কৰি ৰখাৰ গুৰুদায়িত্ব সকলো শ্ৰেণীৰ লোকে ল’ব লাগিব।

কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনাই গছ পুলি ৰোপণ কৰিলে নহ’ব। অন্ততঃ প্ৰতিজন ব্যক্তিয়ে পষেকত দুই চাৰিটা গছ পুলি ৰোপণ কৰাৰ লগতে গছ সুৰক্ষাৰ হকে উচিত পদক্ষেপ গ্ৰহণ কৰিলেহে এই দিৱসৰ প্রকৃত মূল্যায়ন কৰা হ’ব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত বিগত দুটা দশকজুৰি সামাজিক সংগঠন “ব্ৰাদাছ, মিছন পিছ”, অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন “সমন্বিত যুৱ তীৰ্থ” আদিয়ে নীৰৱে কেইবা হাজাৰো গছ পুলি ৰোপণ কৰিছে।