আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীৰ চৰাঞ্চলত অঘটন। টুলুঙা নাৱৰ পৰা পৰি সন্ধানহীন এজন ৩৫ বছৰীয়া যুৱক। ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ যাওঁতে এই অঘটন সংঘটিত হয়। এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ অভিযান অব্যাহত। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সমষ্টিৰ অন্তৰ্গত ছৈয়েদ আলীচৰত টুলুঙা নাৱৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ গৈ নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে ৩৫ বছৰীয়া এজন যুৱক। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাংনামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ছৈয়েদ আলীচৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

পত্নীৰ সৈতে টুলুঙা নাৱেৰে নৈ পাৰ হ‌’বলৈ ধৰোতে নাৱৰ পৰা পৰি সন্ধানহীন হয় যুৱকজন। ভাংনামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন দাস ঘটনাস্থলীত উপস্থিত হৈ নলবাৰীৰ এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

টুলুঙা নাৱৰ পৰা পৰি ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা যুৱকজন ভাংনামাৰী নিবাসী কালু মিঞাৰ জ্যেষ্ঠ পুত্ৰ ফাইজুৰ ৰহমান বুলি জানিব পৰা গৈছে। এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ যুৱকজনৰ কোনো সন্ধান পোৱা নাই। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।