গুৱাহাটী : ৰক্ষা নপৰিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। গড়মূৰ আৰক্ষীয়ে তিনি দিন ধৰি জেৰা চলাই গ্ৰেপ্তাৰ কৰে জোনমণি ৰাভাক।

কিছুদিন পূৰ্বে হ’বলগীয়া স্বামী গ্ৰেপ্তাৰ কৰি সমগ্ৰ দেশতে নায়িকা হৈ পৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা এতিয়া ৰঙা ঘৰৰ আলহী। প্ৰৱঞ্চনাৰ অভিযোগত হ’বলগীয়া স্বামী ৰাণা প’গাগক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা এতিয়া নিজে থাকিব লাগিব ৰঙা ঘৰত।

হ’বলগীয়া স্বামী ৰাণা প’গাগক প্ৰৱঞ্চনাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা নিজে প্ৰৱঞ্চনাৰ কৰি ৰঙা ঘৰলৈ যাব লগীয়া হৈছে। মাজুলী জিলাৰ গড়মূৰ আৰক্ষীয়ে বিগত তিনি দিন ধৰি জেৰা চলাই আছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাক।অৱশেষত শনিবাৰে জেৰাৰ অন্তত গড়মূৰ আৰক্ষীয়ে জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে জেৰাৰ অন্তত আৰক্ষীয়ে জোনমণি ৰাভাৰ বেংকত ২০ লাখতকৈও অধিক টকা সোমাইছিল বুলি তথ্য লাভ কৰিছিল। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা প’গাগকৰ লগত মিলি প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। স্বাস্থ্য পৰীক্ষাৰ পিছত আদালতত হাজিৰ কৰা হ’ব জোনমণি ৰাভাক।