গৰৈমাৰী : বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত ৰাজপথত কণ কণ শিক্ষাৰ্থী। পাঁচ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। গৰৈমাৰীত শনিবাৰে আগতীয়াকৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশ সংৰক্ষণৰ বাবে এক বিশাল সজাগতা অভিযান চলায় গৰৈমাৰীৰ ৰয়েল ইংলিচ স্কুলে।

কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ একমাত্ৰ চিবিএছচি আৰ্হিৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় গৰৈমাৰী ৰয়েল ইংলিছ স্কুলৰ উদ্যোগত শনিবাৰে আগতীয়াকৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব পৰিৱেশ দিৱস দেওবাৰে উদযাপন কৰা হ’ব, সেয়েহে শনিবাৰে ৰয়েল ইংলিছ স্কুলে পৰিৱেশ দিৱস পালন কৰে।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে শনিবাৰে বিদ্যালয়খনৰ চৌহদৰ পৰা গৰৈমাৰী বজাৰলৈ ৰাইজক পৰিৱেশ সংৰক্ষণৰ আহ্বান জনাই এক সজাগতামূলক সমদল উলিয়ায়। সমদলত ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে পৰিৱেশ সুৰক্ষাৰ প্লে-কার্ডলৈ ছেভ ট্ৰী ছেভ লাইভ, ছেভ ৱাটাৰ ছেভ লাইভ’ আদি ধ্বনি দি ৰাইজৰ মাজত সজাগ সৃষ্টি কৰে।

পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত উলিওৱা সজাগতামূলক সমদলৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে গৰৈমাৰী বজাৰৰ লগতে বিদ্যালয়খনৰ চৌহদত এক গছ পুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে গছ পুলি ৰোপন কৰি সকলোকে একোটাকৈ গছ পুলি ৰোপন কৰাৰ বাবে আহ্বান জনায়।