আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : সমাগত পৌৰসভা নিৰ্বাচনকলৈ ৰাজ্যত ৰাজনৈতিক দল সমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। ইতিমধ্যে শাসকীয় আৰু বিৰোধী দল সমূহে পৌৰসভা নিৰ্বাচনৰ বাবে আৰম্ভ কৰিছে ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ অভিযান। এইবাৰ শিৱসাগৰ পৌৰসভাৰ মুঠ ১৪ খন আসনকলৈ আকৰ্ষণীয় নিৰ্বাচন হ’ব পৌৰসভাৰ নিৰ্বাচনৰ যুঁজ। পৌৰসভা নিৰ্বাচনকলৈ শিৱসাগৰত ৰাইজৰ দলৰ তৎপৰতা বৃদ্ধি পাইছে। 

শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি আৰু অগপ মিত্ৰজোঁট আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে স্থানীয় বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে পোন প্ৰথমবাৰৰ বাবে পৌৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি আটাইকেইটা ৱাৰ্ডতে সবল প্ৰাৰ্থী আগবঢ়াইছে। শিৱসাগৰ পৌৰসভাৰ ৪ নং বাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী কৃষ্ণালী দত্ত (আলিয়া) আৰু ৫ নং বাৰ্ডৰ ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী দেৱশীষ মিশ্রৰ বাবে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।

ৰাইজৰ দলৰ দুই প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দাবী কৰে যে আগন্তুক পৌৰ নিৰ্বাচনত ঐতিহাসিক শিৱসাগৰ নগৰৰ উন্নয়নৰ বাবে ৰাইজৰ সহযোগত শিৱসাগৰ পৌৰসভা ৰাইজৰ দলে দখল কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে নৱগঠিত।আঞ্চলিক দল ৰাইজৰ দলে এইবাৰ শিৱসাগৰৰ ১৪ টা ৱাৰ্ডতে ৰাইজৰ দলৰ প্ৰাৰ্থী জয়যুক্ত হ’ব বুলি দাবী কৰিছে।