জোনমণি বেগম

বিশ্বনাথ : কেৰেলাৰ পৰা গ্ৰেপ্তাৰ হোৱা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন। বুধবাৰে কেৰেলাৰ পৰা গ্ৰেপ্তাৰ হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুকেইটা গঁড় হত্যাৰ লগত জড়িত বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকু।

বিশ্বনাথ আৰক্ষীয়ে কেৰেলা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ আনিছিল কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুক। নিশাই আৰক্ষীয়ে কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ কুখ্যাত গঁড় চিকাৰীজনক নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ণ কৰে কুখ্যাত গঁড় চিকাৰীজন।

আৰক্ষীয়ে কুখ্যাত গঁড় চিকাৰীজনকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বিগত ৪ দিনে সন্ধান ওলোৱা নাই কুখ্যাত গঁড় চিকৰীজনৰ। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কুখ্যাত গঁড় চিকাৰীজনৰ পলায়ন সম্পৰ্কত কোনো মন্তব্য প্ৰকাশ কৰা নাই। উল্লেখ যে, কুখ্যাত গঁড় চিকাৰী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ গঁড় হত্যা কৰি পলাতক অৱস্থাত থকা বিশ্বনাথৰ আচমত আলী ওৰফে নালকু, আতাউৰ ৰহমান ওৰফে বাচা আৰু আব্দুল মটিন ওৰফে কালাৰ সন্ধান দিওঁতাক অসম আৰক্ষীয়ে দুই লাখ টকা পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছিল।

অসম আৰক্ষীক গঁড়ৰ খৰ্গ উদ্ধাৰ হ’ব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখৰ টকাৰ বিশেষ পুৰস্কাৰ ঘোষণা কৰিছিল অসম আৰক্ষীয়ে। এই তিনি কুখ্যাত গঁড় চিকাৰীৰ অন্যতম একাধিক গঁড় হত্যাৰ সৈতে জড়িত কুখ্যাত গঁড় চিকাৰী আচমত আলী ৰহস্যজনকভাৱে পলায়ন কৰা ঘটনা আৰক্ষীৰ বিফলতা হয় নে আৰক্ষীয়ে দাগী অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰা এক নতুন কৌশল, এইয়া পৰবৰ্তী সময়তহে কব পৰা যাব।