আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰ নগৰৰ আগন্তুক পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ১৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা ৩৯ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে আৰম্ভ নিৰ্বাচনী প্ৰচাৰ। কিন্তু ইয়াৰ মাজতে উঠিছে অভিযোগ আৰু প্ৰতিঅভিযোগ। দুজন বিজেপি প্ৰাৰ্থী আৰু এজন ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা জালিয়তীৰ অভিযোগ।

নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পিছত কংগ্ৰেছ দলে নিৰ্বাচন দণ্ডাধীশক ১ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী নুৰজাহান বেগমৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰিছিল। সেইদৰে ৬ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰূপা বৰাৰো শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি বিজেপি দলৰ তৰফৰ পৰা এক অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ সামান্তৰালভাৱে ১৪ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী জুলি পাতৰৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰও ভুৱা বুলি এক অভিযোগ দাখিল কৰা হৈছিল। উল্লেখযোগ্য যে বিজেপি দলৰ ১ নং ৱাৰ্ডৰ প্ৰাৰ্থী নুৰজাহান বেগমে পৌৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰত ১৯৯২ চনত জোকতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰোল ৫৪৭ আৰু নং এ-১১০ ৰ বিপৰীতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল।

ইয়াৰ বিপৰীতে ৬ নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰূপা বৰাই ১৯৯৩ চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল। আশ্চৰ্যজনকভাৱে উক্ত নম্বৰ তালিকাত ৰূপা বৰাৰ ৰোল আৰু নং নুৰজাহান বেগমৰ ৰোল আৰু নং সম্পূৰ্ণ একেই।

ইয়াতকৈ ডাঙৰ কথা এই যে দুয়োগৰাকী প্ৰাৰ্থীৰ তালিকাত বিষয়ৰ বিপৰীতে লাভ কৰা নম্বৰো একেই। সেইদৰে জুলি পাতৰৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ উঠিছে।আনহাতে এই বিষয় সন্দৰ্ভত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধী দাহালে এই জালিয়তীৰ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি মুকলি কৰে।

উপায়ুক্ত গৰাকীয়ে কয় যে মনোনয়ন সমূহ পৰীক্ষা কৰাৰ আগত এই অভিযোগ সমূহ লাভ কৰা হলে এক ব্যৱস্থা গ্ৰহণ কৰিব পৰা গলে হয়। কিন্তু মনোনয়ন পৰীক্ষা কৰাৰ পিছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিছত এতিয়া এই অভিযোগক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব বুলি উপায়ুক্ত গৰাকীয়ে স্পষ্ট কৰে।