মানকাচৰ : সীমান্ত সুৰক্ষা বাহিনীৰ বিনামূলীয়া চিকিৎসা শিবিৰ। মানকাচৰৰ আছামেৰ আলগাত সীমান্ত সুৰক্ষা বাহিনীৰ চিভিক একশ্যন প্ৰগ্ৰেমৰ অধীনত বিনামূলীয়া চিকিৎসা শিবিৰ। দুই শতাধিক লোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ। 

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ আছামেৰ আলগা সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পত চিভিক একশ্যন প্ৰগ্ৰেমৰ অধীনত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী গাঁও সমূহৰ সাধাৰণ লোকৰ সৈতে সীমান্ত সুৰক্ষা বাহিনীৰ সু-সম্পৰ্ক গঢ়ি তুলিবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।

সীমান্ত সুৰক্ষা বাহিনীয়ে চিভিক একশ্যন প্ৰগ্ৰেমৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল সমূহত বিভিন্ন সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। বুধবাৰে দ্বীপচৰ সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পত বিনামূলীয়া চিকিৎসা শিবিৰৰ অনুষ্ঠিত কৰা হৈছিল।

বৃহস্পতিবাৰে পুনৰ সীমান্ত সুৰক্ষা বাহিনীৰ ৪৫ বেটেলিয়ানৰ উদ্ধোগত আছামেৰ আলগা সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পতো বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। ৪৫ বেটেলিয়ান সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাদ্যয় আৰু হাটশিঙিমাৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া এই কাৰ্যসূচীত উপস্থিত থাকি বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভাৰম্ভ কৰে।

সীমান্তবৰ্তী কানাইমাৰা গাঁও পঞ্চায়ত এলেকাৰ দুই শতাধিক লোকক তিনি গৰাকী চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি ৰোগী সকলৰ মাজত বিনামূলীয়া ঔষধ বিতৰণ কৰে। বুধবাৰে দ্বীপচৰ সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পত ২৪০ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হৈছিল।