আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ পৌৰ সভাৰ ১৪ টা ৱাৰ্ডৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অনুষ্ঠিত হৈ আছে। শিৱসাগৰৰ এই ১৪ টা ৱাৰ্ডৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈ আছে।

পুৱাৰ ভাগৰে পৰা শিৱসাগৰ পৌৰ সভাৰ নিৰ্বাচনৰ বাবে ৰাইজে সাৱস্ত্য কৰিছে নিজ নিজ ভোটাধিকাৰ। পুৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ১ আৰু ২ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰিদৰ্শনৰ বাবে যাওঁতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাইজে অভিযোগ উত্থাপন কৰে যে ৰাইজৰ দলৰ বিধায়ক গৰাকীয়ে ভোটগ্ৰহণ চলি থকাৰ মাজতে প্ৰচাৰ অব্যাহত ৰাখিছে। ইফালে বিধায়ক গৰাকীয়ে শাসকীয় দলৰ প্ৰাৰ্থীয়ে টকা, মদ বিতৰণ কৰি আৰু ভয় ভাবুকি প্ৰদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে ৰাজ্যৰ ৮০ টা পৌৰসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয়। ৰাজ্যৰ ৩৬ খন জিলাৰ মুঠ ৯৭৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছে। ৯৭৭ টা ৱাৰ্ডত ২,৫৩২ গৰাকী প্রাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।