আমিনগাঁও : পৌৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু কামৰূপ জিলা নিৰ্বাচনী কৰ্তৃপক্ষ। উত্তৰ গুৱাহাটীৰ ৯ টা আৰু পলাশবাৰীৰ ১০ টা ভোট কেন্দ্ৰত হ’ব ভোট গ্ৰহণ। প্ৰতিটো ভোট কেন্দ্ৰলৈ ইভিএমকে ধৰি নিৰ্বাচনী সামগ্ৰী বিতৰণ। নিজ নিজ কেন্দ্ৰলৈ প্ৰস্থান ৭৬ গৰাকী ভোটগ্ৰহণকাৰী বিষয়াৰ। জিলাখনৰ সংশ্লিষ্ট প্ৰতিগৰাকী ভোটাৰকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান উপায়ুক্তৰ।

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা নিৰ্বাচনী কৰ্তৃপক্ষই। ভোটকেন্দ্ৰসমূহত ন্যূনতম সা-সুবিধাকে ধৰি ক’ভিড বিধি মানি চলাৰ বাবেও সকলো ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে উত্তৰ গুৱাহাটীৰ ৩ টা ৱাৰ্ডৰ বাবে ৯ টা ভোট কেন্দ্ৰত আৰু পলাশবাৰীৰ ১০ টা ৱাৰ্ডৰ বাবে ১০ টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

জিলা নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত সকলো ভোট কেন্দ্ৰৰ বাবে ভোট গ্ৰহণকাৰী বিষয়াসকলক নিৰ্বাচিত কৰি আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ইভিএমকে ধৰি সকলো নিৰ্বাচনী সামগ্ৰী ভোট কেন্দ্ৰ ভিত্তিত বিতৰণ কৰা হয়। প্ৰিজাইডিং আৰু পুলিং বিষয়া মিলি প্ৰতিটো ভোট কেন্দ্ৰতে চাৰিজনকৈ ভোট গ্ৰহণকাৰী বিষয়া থাকিব। তদুপৰি ভোট গ্ৰহণ কেন্দ্ৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰতিটো কেন্দ্ৰতে দুগৰাকীকৈ আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে।

বিভিন্ন স্থানৰ বাবে নিয়োজিত ক্ষেত্ৰ বিষয়াসকলৰ সহযোগত ৭৬ গৰাকী ভোটগ্ৰহণকাৰী বিষয়া সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰক্ষী লোকৰ সৈতে ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ প্ৰস্থান কৰিছে। দেওবাৰে পুৱা ৮ বজাৰ পৰা বিয়িল ৪ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এই নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহযোগ কামনা কৰিছে।