আমিনুৰ ৰহমান
শিৱসাগৰ : শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বাবা ৰাম দেৱৰ আলু গুডামত শিৱসাগৰ আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত আলু-পিয়াঁজৰ গুডামৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ লালী গুৰ জব্দ। এখন মিনি ট্ৰাকত লালী গুৰখিনি উঠাই চুলাই ঘাটীলৈ ৰাওনা হোৱাৰ সময়তেই আৰক্ষীয়ে জব্দ কৰে লালী গুৰখিনি। লালী গুৰ মাফিয়া ভোলা চাহুসহ দুজনক আটক। পলাতক কেইবাজনো। শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টীৰ আনন্দৰাম বৰুৱা উদ্যানৰ সমীপৰ আলু-পিয়াঁজৰ এটা গুদামত বছৰ বছৰ ধৰি মাৰাত্মক লালী গুৰৰ ব্যৱসায় চলাই থকা এটা কুখ্যাত চক্ৰ অৱশেষত আৰক্ষীৰ জালত।

আৰক্ষীয়ে অভিযান চলাই লালী গুৰৰ চক্ৰটো উৎসাত কৰা ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই এক গোপন খবৰৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতা, নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ বিক্ৰমপুৰ চাৰিআলিৰ সমীপত চলোৱা অভিযান কালত এই বৃহৎ লালী গুৰ চক্ৰটোক উৎসাত কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এখন মিনি ট্ৰাকত অজ্ঞাত স্থানৰ এটা চুলাই ঘাটীলৈ বোজাই কৰি নিবলৈ লোৱাৰ সময়তেই বিশ কুইন্টল লালী গুৰৰ লগতে লালী গুৰ মাফিয়া তথা বিতৰ্কীত ব্যৱসায়ী ভোলা চাহুক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এএচ-০৪-বিচি-৭৪১৫ নম্বৰৰ মিনি ট্ৰাকখনৰ চালক নিতুল গগৈকো আটক কৰে। প্ৰাপ্ত বাতৰি মতে বিক্ৰমপুৰ তিনিআলিৰ সমীপত প্ৰায় এবিঘা মাটিত এটা বৃহৎ গুদাম আছে। বাবা ৰাম দেৱৰ আলু-পিয়াঁজৰ গুডামটোৰ স্বত্বাধিকাৰী পৰমেশ্বৰ ঝা। এই গুডামটো দীৰ্ঘ সময়ধৰি মাৰোৱাৰী পট্টীৰ ভোলা চাহুৱে লালী গুৰৰ গুডাম হিচাপে ব্যৱহাৰ কৰি আহিছিল। অভিযোগ অনুসৰি বিহাৰ, কলিকতা, উত্তৰ প্ৰদেশৰ পৰা নিয়মিত অহা আলু-পিয়াঁজ পৰিবাহী ট্ৰাক, টেইলাৰ সমুহত গোপনে ভোলা চাহুৰ নেতৃত্বত নিষিদ্ধ লালী গুৰ সৰৱৰাহ হৈ আহিছিল। উত্তৰ প্ৰদেশৰ হাৱপুৰ জিলাৰ পৰা বিগত সপ্তাহত অহা কেইবা লক্ষাধিক টকাৰ লালী গুৰ ধৃত ভোলা চাহুৱে ডিমৌ, ৰাজমাই, চেপন, খৰাহাট, গেলেকী, সোণাৰীকে ধৰি ভিন্ন স্থানৰ চুলাইৰ ঘাটীলৈ প্ৰেৰণ কৰিছিল।

মাত্ৰ ৪ দিনৰ পুৰ্বে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত লালী গুৰ নিষিদ্ধকৰণৰ পূৰ্বৰ নিৰ্দেশ নৱীকৰণেৰে পুনৰ বাহাল থকাৰ মাজতো নিতৌ চুলাইৰ ঘাটীলৈ লালী গুৰ সৰৱৰাহ হৈ থকাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই চলোৱা গোপন অনুসন্ধানৰ সময়তেই পোহৰলৈ আহিছিল বাবা ৰাম দেৱৰ আলু-পিয়াঁজৰ গুডামৰ পৰাই লালী গুৰৰ নিষিদ্ধ ৰমৰমীয়া ব্যৱহায় চলি থকাৰ তথ্য। এই তথ্যৰ ভিত্তিতেই আৰক্ষীৰ দলটোৱে লালী গুৰ বোজাই কৰি ওলাই আহোতেই মিনি ট্ৰাকসহ চক্ৰটোক আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ গুডামটোৰ কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে গুডামটো চীল কৰি দিয়ে।

ইফালে এই ঘটনাৰ পিছতেই আৰক্ষীয়ে গুডামটোৰ প্ৰকৃত স্বত্বাধীকাৰী পৰমেশ্বৰ ঝাক ঘটনাস্থলীলৈ আহিবলৈ নিৰ্দেশ দিছিল যদিও কুখ্যাত ব্যৱসায়ীটোৱে ঘটনাস্থলীলৈ পত্নীক পঠিয়াই আত্মগোপন কৰে। অনুসন্ধানৰত আৰক্ষীৰ সন্মুখত পৰমেশ্বৰ ঝাৰ পত্নীয়ে ভোলা চাহু নামৰ ব্যৱসায়ীজনে গুডাম ঘৰটোত গুৰ জমা কৰি ৰখাৰ কথা স্বীকাৰ কৰে৷ লালী গুৰৰ ব্যৱসায় চলাই অহা তথা নিষিদ্ধ ঘোষিত প্লাষ্টিকৰ বেগৰো ব্যৱসায়ী ভোলা চাহুৰ আন দুটা বৃহৎ গুডামৰো সম্ভেদ পোৱা গৈছে। শিৱসাগৰৰ নগৰৰ খিজনুৰ আলি পথৰ জল সম্পদ বিভাগৰ কাৰ্যালয়ৰ সমীপত থকা দুয়োটা বৃহৎ গুডামত এনে নিষিদ্ধ সামগ্ৰী গোপনে মজুদ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।