তীৰ্থযাত্ৰী সকলৰ বাবে খাদ্য শিবিৰৰ আয়োজন ‘অমৃত ভোগ ভাণ্ডাৰা’ৰ

In ৰাজ্য
TheChocolateRoomTezpur

গুৱাহাটী : গুৱাহাটীৰ অন্যতম জনপ্ৰিয় বেচৰকাৰী সংগঠন ‘অমৃত ভোগ ভাণ্ডাৰা’ই মালিগাঁৱৰৰ কামাখ্যা ৰে’ল ষ্টেচনৰ ওচৰৰ বৰিপাৰাত অম্বুবাচী মেলাৰ তীৰ্থযাত্ৰী সকলৰ বাবে এক খাদ্য শিবিৰৰ আয়োজন কৰে। পাঁচ দিনীয়াকৈ আয়োজন কৰা এই শিবিৰ বুধবাৰে পুৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। সমাজকর্মী তথা ‘অমৃত ভোগ ভাণ্ডাৰা’ৰ প্ৰতিষ্ঠাপক ভগচান্দ জৈনৰ লগতে বহু গণ্যমান্য ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ভগচান্দ জৈনে কয় যে ২০২০ চনত প্ৰথম লকডাউনৰ সময়ত ‘অমৃত ভোগ ভাণ্ডাৰা’ আৰম্ভ কৰিছিলো। আমি দৰিদ্ৰ লোক সকলক বিনামূলীয়া খাদ্য প্রদান কৰি আহিছো আৰু বিভিন্ন দাতাৰ সহায়ত কেইবা লাখ লোকক খাদ্য যোগান ধৰি আহিছো। সকলোৱে ‘অমৃত ভোগ ভাণ্ডাৰা’ক সমৰ্থন কৰাৰ বাবে গুৱাহাটী আৰু ওচৰৰ বিভিন্ন অঞ্চলত দৈনিক হাজাৰ হাজাৰ দুখীয়া লোকক বিনামূলীয়া খাদ্য প্ৰদান কৰি আহিবলৈ সক্ষম হৈছো।

ভগচান্দ জৈনে লগতে কয় যে আমি বিভিন্ন ৰাজ্যৰ পৰা অহা তীৰ্থযাত্ৰী সকলক সেৱা আগবঢ়োৱাৰ বাবে অম্বুবাচী মেলাত এই শিবিৰৰ আয়োজন কৰিছো। তীর্থযাত্ৰীৰ বাবে পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ বাবে দৈনিক আধাৰত খাদ্য প্ৰস্তুত কৰিছো। আমি হালৱা, পুৰী, তৰকাৰী, চাউল, দাইল, চাহ, বিস্কুটৰ লগতে অন্যান্য খাদ্য সামগ্রী যোগান ধৰাৰ প্রয়াস চলাইছো। দৈনিক প্রতিজন তীর্থযাত্রীক ৫০০ মিলি পানীৰ বটল প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও নিৰাপত্তাকর্মী, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া, জিএমচি শ্রমিক, বিভিন্ন সংগঠনৰ স্বেচ্ছাসেৱক যিসকলক অম্বুবাচী মেলাৰ বাবে নিয়োজিত তেওঁলোককো এই সেৱা আগবঢ়োৱা হ’ব। অম্বুবাচী মেলা শিবিৰ ২৬ জুনত সমাপ্ত হ’ব। আমি সকলোকে অনুৰোধ জনাইছো যদি কোনোবাই যিকোনো প্ৰকাৰে তীৰ্থযাত্ৰী সকলক সেৱা কৰিবলৈ ইচ্ছুক হয়, তেন্তে সহায়-সহযোগিতা আগবঢ়াব পাৰিব।

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu