Samsung : চিএছ ট্রেড লিংক প্রাইভেট লিমিটেডে গুৱাহাটীত মুকুলি কৰিলে চেমছাং স্মার্ট কেফে

In ব্যৱসায়, ৰাজ্য
Umra Package

গুৱাহাটী : চিত্ৰছ ট্রেড লিংক প্রাইভেট লিমিটেডে গুৱাহাটীৰ জি এছ ৰোডৰ মোনাল টাৱাৰত চেমছাং (Samsung) চাৰ্ভিচ চেণ্টাৰৰ লগতে প্ৰথমটো চেমছাং স্মার্ট কেফে মুকুলি কৰে। দিছপুৰত এইটো চেমছাঙৰ প্ৰথমটো বিক্ৰী আৰু চেমছাং সেৱা কেন্দ্র।

গ্রাহকক উৎকৃষ্ট সেৱা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰাই মূল লক্ষ্য আৰু উদ্দেশ্য। এই কেন্দ্ৰটো গুৱাহাটী মহানগৰবাসীৰ বাবে এক বিশেষ স্থান হিচাবে পৰিগণিত হ’ব বুলি চিত্ৰছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ সঞ্চালক বিজয় দুগাৰে জানিবলৈ দিয়ে। চেমছাং প্রেমী সকলে এই চেমছাং স্মার্ট কেফেৰ জৰিয়তে নতুন ডিভাইছ ক্ৰয় কৰাৰ লগতে লাভ কৰিব উৎকৃষ্ট সেৱা কেন্দ্ৰটোত চেমছাঙৰ আনুষংগিক সামগ্ৰী উপলব্ধ হোৱাৰ লগতে সৰ্বশ্ৰেষ্ঠ নির্দেশনা দিবলৈ নিয়োজিত কৰা হৈছে প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী।

ইপিনে চিত্ৰছ ট্রেড লিংক প্রাইভেট লিমিটেডৰ বিজনেছ হেড ৰাজশ্ৰী বেনাৰ্জীয়ে কয় যে গ্ৰাহকক উন্নত মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰাৰ লগতে উৎকৃষ্ট সেৱা প্ৰদান কৰিবলৈ দায়বদ্ধ। “নতুন উজ্জ্বল ফিাৰৰ সৈতে দোকানখন সজোৱা হৈছে চেমছাঙৰ সকলো সামগ্ৰী ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।” হেণ্ডচ অন ষ্ট’ৰৰ অভিজ্ঞতাৰ বাবে দর্শনার্থীসকলক সামগ্ৰী পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰা হৈছে।

আমাৰ প্ৰচেষ্টা লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰা, যাতে তেওঁলোকে বিভিন্ন সঁজুলিৰ শক্তিৰ বিষয়ে অবগত হয় আৰু বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে। চেমছাং স্মার্টকেফেত স্মার্টফোন, লেপটপ আৰু ডিচপে লগতে সকলো প্রয়োজনীয় আৰু আনুষঙ্গিক সামগ্ৰী লাভ কৰিব গ্রহকে। সকলোবোৰ একে ঠাইতে বিচাৰি পাব পাৰে।

যদি আপুনি এজন ব্যৱসায়ি তেন্তে আপোনাৰ সকলো ডিভাইচ লাভ কৰাৰ লগতে লব পাৰিব বিশেষজ্ঞৰ পৰামৰ্শ। অধিক তথ্যৰ বাবে ৯৮৩০৩৮৯৩৭৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu