সোনাপুৰ, ৩ ডিচেম্বৰঃ যোৱা নিশা প্ৰায় ১ মান বজাত সোনাপুৰ আৰক্ষী চকীৰ পৰা কিছু নিলগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা উৰণীয়া সেতুত এখন কিতাপ ভৰ্তি ট্ৰাক জ্বলি ভস্মীভূত হয়। গুৱাহাটীৰ বোন্দাৰ পৰা শিক্ষা বিভাগৰ কিতাপ লৈ যোৰহাট অভিমুখে যাত্ৰা কৰা এএছ-০১ডিচি-১৫২২ নম্বৰৰ ট্ৰাকখন সোনাপুৰৰ উৰণীয়া সেতুৰ উপৰত হঠাত জ্বলিবলৈ ধৰে। বৈদ্যুতিক বিজুতি ফলত ট্ৰাকখনত জুই লগাত ট্ৰাকখন চালকে সোনাপুৰ আৰক্ষীক খবৰ দিয়ে। পিছত সোনাপুৰ আৰক্ষীৰ দল আৰু অগ্নি নিৰ্বাহক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ শৈষম হয়। বৈদ্যুতিক বিজুতি ফলত হোৱা অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনৰ চলক বহা কেবিন সম্পূৰ্ণৰূপে জুইত জাহ যায় আৰু গাড়িখন থকা বহুসংখ্যক কিতাপ জ্বলি যায়।