সোণতলী, ১০ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ সোণতলীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নামত লুণ্ঠনৰ অভিযোগ। তিনি বছৰ ধৰি কোটি টকীয়া পানী যোগান আচঁনিটো এনে দৰে পৰি থকা বাবে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে চৰকাৰী ধন অপব্যাৱহাৰৰ অভিযোগ তুলিছে। দুৰ্নীতি নিৰ্মূল কৰি সৰ্বাংগীন উন্নয়ন তথা পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনৰ দায়িত্বভাৰ গ্ৰহন কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে গ্ৰামাঞ্চলৰ উন্নতিৰ প্ৰতি কিমান দায়িত্বশীল তাৰে এক উদাহৰণ হল এই পানী যোগান আচঁনিখন। ২০১৪ চনৰ ডিচেম্বৰ মাহৰ ৩ তাৰিখত তেতিয়াৰ সংসদীয় সচিব তথা ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত সোণতলীৰ কালাতলী পথাৰত এই পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল কিন্তু আজি পৰ্যন্ত সম্পুৰ্ণ হোৱা নাই এই পানী যোগান আচনিৰ কাম। ২০১৪ চনৰ পৰা এই পানী যোগান আচনিটোৰ গৃহ অৰ্ধনিৰ্মিত অৱস্থাতে আছে৷ প্ৰায় ১০ খন গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে ধন মোকলাই দিছিল যদিওঁ আজি তিনি বছৰে সম্পুৰ্ণ হোৱা নাই আচনিটোৰ কাম। ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হবলগীয়া হৈছে অঞ্চলবাসী ৷ আঁচনিখনৰ গৃহ সম্প্ৰতি জহি খহি যোৱাৰ উপৰি জংগলে আৱৰি ধৰাত আচঁনিগৃহটো এৰাবাৰীত পৰিণত হৈছে ৷ পানী যোগান আচঁনিটোৰ কাম সম্পূৰ্ন কৰাৰ বাবে অঞ্চলবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনোধৰনৰ পদক্ষেপ গ্ৰহন কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদকো এই বিষয়ে অৱগত কৰোৱা হৈছে যদিও বিধায়ক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াত অঞ্চলবাসী এটুপাল বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।