বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, ১০ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ এক বিপৰীত ছবিহে প্ৰতিফলিত হৈছে নামনি অসমৰ বঙাইগাঁও জিলাত। বঙাইগাঁও জিলাৰ অভয়াপুৰীত কংগ্ৰেছৰ আমোলত কৃষি বিভাগৰ দুখীয়া কৃষক সকলক পাৱাৰ টিলাৰ, বৈদ্যুতিক পাম্পছেট আৰু অন্যান্য কৃষি সজুলী বিতৰণত সংঘটিত হৈছিল এক বিয়াগোম কেলেংকাৰী। প্ৰায় দুই কোটিৰ টকাৰ এক বৃহৎ কেলেংকাৰী আদালতত আৰু দণ্ডাধীশৰ তদন্তত উন্মোচিত হৈছিল যদিও কিন্তু আজিলৈকে কৃষি বিভাগ, প্ৰশাসন আৰু আৰক্ষীয়ে দুৰ্নীতিত অভিযুক্তসকলৰ গাৰ নোম এডালো লৰাব পৰা নাই। প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী পিৰাধৰা পঞ্চায়তৰ অন্তৰ্গত লতিবাৰী ৩য় খণ্ডৰ প্ৰায় তিনিশতাধিক দুখীয়া কৃষ কৃষি বিভাগৰ দ্বাৰা কৃষি সামগ্ৰী বিতৰণৰ হিতাধীকাৰীৰ আঁচনিৰ অন্তৰ্গত নিৰ্বাচিত হোৱাৰ পাছতো বিভাগটোৱে বিতৰণ কৰিবলগীয়া পাৱাৰ টিলাৰ, বৈদ্যুতিক পাম্পছেট আৰু অন্যান্য কৃষি সজুলী লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে।চৰকাৰী আমোলা, একাংশ কৃষি বিষয়া কৰ্মচাৰী, গ্ৰামসেৱক তথা দালালে মিলি এই কোটি টকীয়া লুণ্ঠন কৰাৰ অভিযোগ অনাৰ লগতে উক্ত কৃষি সামগ্ৰীখিনি বহিঃৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বঞ্চিত কৃষক সকলে। উল্লেখ্য যে, জিলাখনৰ লতিবাৰী ৩য় খণ্ডৰ দুজন লোকে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি কৃষি বিভাগৰ পৰা তথ্য উলিয়াই এই ভয়ংকৰ কেলেংকাৰী পোহৰলৈ অনাৰ পিছত কৃষক দুজনে বঙাইগাঁও জিলাৰ কৃষি বিভাগৰ যান্ত্ৰিক শাখাৰ ফ’ৰমেন ডালিম চন্দ্ৰ দাস, অভিযন্ত্ৰা সুনীল ওৱাৰী, এ.ডি.অ. মনোজ তালুকদাৰ আৰু গ্ৰামসেৱক আবু ছালেহৰ বিৰুদ্ধে অভয়াপুৰী মহকুমাৰ ন্যায়িক আদালতত ইতিমধ্যে ফৌজদাৰী গোচৰ তৰিছে। ইয়াৰোপৰি যোৱা বছৰ ২২চেপ্তেম্বৰ তাৰিখে অভয়াপুৰী থানাতো ভাৰতীয় দণ্ডবিধৰ ৪২০/৪১৯/৪০৯/৪০৬/৩৪ ধাৰাৰ অধীনত ৪৪৯/০৬ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। এই কেলেংকাৰীৰ অভিযুক্তসকলে আগতীয়াকৈ জামিন বিচািৰি ন্যয়ালয়ৰ কাষ চাপে যদিও যোৱা ১৮ মে তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তসকলৰ জামিন আবেদন খাৰিজ কৰে। ইয়াৰ পিচত আন এজন কৃষকেও একেই বিষয়ত উক্ত অভিযুক্তসকলৰ বিৰুদ্ধে পুনৰ উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধিক আদালতত আন এটা গোচৰ(২১৬/১৭) তৰে।ইপিনে কৃষকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত এজন কাৰ্যবাহী দণ্ডাধীশেও এই বিষয়টোত তদন্ত কৰিছে। উক্ত তদন্ততো কৃষকক পাৱাৰ টিলাৰ ,পাম্প, টেক্টৰ আৰু সাৰ বিতৰণ কৰাৰ নামত ব্যাপক দুনীৰ্তি হোৱাটো প্ৰমাণিত হৈছে আৰু ইয়াৰ প্ৰতিবেদন উত্তৰ শালমাৰা মহকুমাধিপতিয়ে উপায়ুক্তৰ হাতত অৰ্পণ কৰিছে। কিন্তু উপায়ুক্তৰ কাৰ্যালয়ৰ ফাইলতে আবদ্ধ হৈ আছে এই বৃহৎ কেলেংকাৰীটোৰ প্ৰতিবেদন। আদালতে অভিযুক্তকেইজনৰ জামিন নামাঞ্জুৰ কৰাৰ পিছতো আৰক্ষীয়ে অভিযুক্তকেইটাক আটক কৰাৰ সাহস কৰিব পৰা নাই। সম্প্ৰতি বঞ্চিত কৃষক সকলে এই বৃহৎ কেলেংকাৰীৰ তদন্ত অপৰাধ অনুসন্ধান শাখাৰ হাতত অৰ্পণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যখনৰ ক্ষমতা কুক্ষিগত কৰা বিজেপি নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে নাকি লগাব পাৰিবনে এই দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীৰ এয়া এতিয়া কোটি টকীয়া প্ৰশ্ন।