নিউজ ডেস্ক, ৯ মে’ : ভয়ংকৰ বাছ দুর্ঘটনা। ৫০ ফুট উচ্চতাৰ পৰা নদীত পৰিল বাছ। ৫০ ফুট ওখ  দলংৰ পৰা যাত্ৰীবাহী (Passenger Bus Accident) বাছ নদীত পৰাত থিতাতে নিহিত হয় ১৫ জনকৈ যাত্ৰী। বাছখনত থকা আটাইকেইজন যাত্ৰী আহত হৈছে। ততাতৈয়াকৈ আহত যাত্ৰী সকলক চিকিৎসালয়লৈ প্ৰেৰণ। আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক।

মধ্যপ্ৰদেশৰ পৰা আহিছে এক ভয়ংকৰ বাছ দুৰ্ঘটনাৰ খবৰ (Madhyapradesh Bus Accident)। মধ্যপ্ৰদেশৰ খাৰগোনে জিলাত ৫০ ফুট ওখ দলংৰ পৰা এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰে। এই ভয়ংকৰ বাছ দুর্ঘটনাত এতিয়ালৈকে বাছখনত থকা ১৫ জনকৈ যাত্ৰীৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। খাৰগোনে থিকৰি মাৰ্গত সংঘটিত হৈছে এই ভয়ংকৰ বাছ দুৰ্ঘটনা। ঘটনাৰ সময়ত বাছখনত ৩৫ জনকৈ লোকে যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে।

বাছখনত থকা ৩৫ জন যাত্ৰীৰ ভিতৰৰ ১৫ জনৰ মৃত্যু হৈছে, আনহাতে আটাইকেইজন যাত্ৰী আহত হোৱা বুলি খবৰ পোৱা গৈছে। আহত সকলৰ ভিতৰত কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। দুর্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু বাছখনৰ আহত যাত্ৰী সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

জানিব পৰা মতে মধ্যপ্ৰদেশৰ খাৰগোনে জিলাত বৰাদ নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হৈছে। তীব্ৰ বেগী বাছখন দলংখনৰ ওপৰেৰে পাৰ হ’বলৈ লওঁতে হঠাৎ বাছখন নিয়ন্ত্ৰণ হেৰুৱাই বৰাদ নদীত বাগৰি পৰে। বাছখন নদীত পৰাৰ লগে লগে অঞ্চটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাওঁতে স্থানীয় লোক সকলো সহযোগ আগবঢ়ায়।

আৰক্ষী আৰু প্ৰশাসনৰ বিষয়ববীয়া সকলে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে। বিষয়াসকলে জনোৱা মতে, বৰ্তমান বৰাদ নদী শুকাই থাকৰ ফলত বাছখনত থকা যাত্ৰীসকল গুৰুত্বৰভাৱে আহত হৈছে। এই ভয়ংকৰ বাছ দুৰ্ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। বাছখন খাৰগোণৰ পৰা ইন্দোৰলৈ গৈ থকা বুলি জানিব পৰা গৈছে।

বাছখনৰ তীব্ৰ গতিত থাকৰ বাবে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিং ভাঙি তলত পৰে। দুর্ঘটনাত নিহত হোৱা সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুর্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বলৈকে অঞ্চলটোৰ ৰাইজে বাছখনৰ ভিতৰৰ পৰা আহত সকলক উলিয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ভয়ংকৰ দুর্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।