বকো : এজন ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। কামৰূপ জিলাৰ জোৰশিমুলীৰ এজন তামোল ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মেঘালয়ৰ পৰা উভতি আহোঁতে পথৰ ওপৰত অচেতন অৱস্থাত উদ্ধাৰ হয় তামোল ব্যৱসায়ীজন।

কামৰূপ জিলাৰ জোৰশিমুলীৰ এজন তামোল ব্যৱসায়ীৰ মৃত্যুক সহজভাৱে মানি লব পৰা নাই তামোল ব্যৱসায়ীজনৰ পৰিয়ালৰ লোকে। জোৰশিমুলীৰ বাঘমাৰা গাঁৱৰ জাকিৰ হুছেইন নামৰ তামোল ব্যৱসায়ীজনে ব্যৱসায়সূত্ৰে মেঘালয়লৈ গৈছিল। মেঘালয়ৰ পৰা উভতি আহোঁতে লোকজন পথৰ ওপৰত অচেতন অৱস্থাত উদ্ধাৰ হয়।

দেওবাৰে নিশাৰ ভাগত গোৱালপাৰা জিলাৰ ধূপধৰা হৈ ঘৰলৈ উভতাৰ পথত বাঘডোৱাৰ ৰাজপথত অচেতন অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে জাকিৰ হুছেইন নামৰ তামোল ব্যৱসায়ীজনক। স্থানীয় পথচাৰীয়ে উক্ত পথৰে গৈ থকা অৱস্থাত তামোল ব্যৱসায়ীজনক অচেতন অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ অচেতন অৱস্থাত তামোল ব্যৱসায়ী জাকিৰ হুছেইনক উদ্ধাৰ কৰি চিকিৎসাললৈ প্ৰেৰণ কৰে। সোমবাৰে নিশাৰ ভাগত জাকিৰ হুছেইনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আৰক্ষীয়ে জাকিৰ হুছেইনৰ মৃত্যদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।

জাকিৰ হুছেইনৰ মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে। জাকিৰ হুছেইনক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে তামোল ব্যৱসায়ী জাকিৰ হুছেইনৰ মৃত্যুৰ প্রকৃত কাৰণ পোহৰলৈ আহিব। ইফালে এই ঘটনাই বাঘমাৰা গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।