গৰৈমাৰী, ১২ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ (Allegation Against Police)। গাড়ী চোৰৰ সন্দেহত আৰক্ষীয়ে এজন ছাত্ৰক অমানৱীয় অত্যাচাৰ কৰাৰ অভিযোগ। নিশাৰ ভাগত আৰক্ষীয়ে ছাত্ৰজনক ঘৰৰ পৰা উঠাই আনি থানাত অমানৱীয় অত্যাচাৰ চলায় বুলি অভিযোগ উত্থাপন হৈছে। থানা ঘেৰাও কৰি শ শ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। চক্ৰ বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

অসম আৰক্ষীৰ বিৰুদ্ধে পুনৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। এজন ছাত্ৰক গাড়ী চোৰৰ সন্দেহত আৰক্ষীয়ে নিশাৰ ভাগত ছাত্ৰজনক ঘৰৰ পৰা উঠাই আনি থানাত অমানৱীয় অত্যাচাৰ কৰে বুলি অভিযোগ উত্থাপন কৰিছে শ শ ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰক গাড়ী চোৰৰ সন্দেহত অমানৱীয় অত্যাচাৰ কৰাক কেন্দ্ৰ কৰি শ শ ছাত্ৰী-ছাত্ৰীয়ে থানা ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ গৰৈমাৰীত।

কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনস্থ গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মাৰ বিৰুদ্ধে শ শ ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠা এৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। গৰৈমাৰী থানা ঘেৰাও কৰি ছাত্ৰ-ছাত্ৰী সকলে গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। অসম আৰক্ষী মুৰ্দাবাদ, যাদৱ শৰ্মাৰ গুণ্ডাগিৰি নচলিব, যাদৱ শৰ্মা গ’ বেক আদি প্ৰতিবাদী ধ্বনিৰে ছাত্ৰ-ছাত্ৰী সকলে থানা চৌহদ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

অৱশেষত ঘটনাস্থলীত স্থানীয় গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ মতে, গাড়ী চোৰৰ সন্দেহত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ৰফিকুল ইছলামক নিশা দুই বজাত গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যাদৱ শৰ্মাই কুখ্যাত অপৰাধীৰ দৰে উঠাই আনি ডেৰ ঘণ্টা ধৰি অমানৱীয় অত্যাচাৰ চলাই লকাপত আৱদ্ধ কৰি ৰাখে৷ অতিকৈ সহজ-সৰল আৰু দৰিদ্ৰ ঘৰৰ ছাত্ৰ ৰফিকুল ইছলামক মুক্তিৰ দাবীত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে গৰৈমাৰী থানাত দলে বলে আহি থানা চৌহদ উত্তাল কৰি তোলে৷

ইফালে, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ সকলো প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতি শীঘ্ৰে ছাত্ৰজনক মুকলি কৰি দিবলৈ দাবী জনায়৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। চক্ৰ বিষয়া গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচিৎ তদন্ত কৰা হ’ব বুলি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলক আশ্বাস প্রদান কৰে৷