নিউজ ডেস্ক, ১২ অক্টোবৰ, ২০২৩ : পুনৰ ৰে’ল দুর্ঘটনা। ৰে’ল দুর্ঘটনাত নিহত হৈছে ৪ জন লোক (Four Killed), আহত হৈছে প্ৰায় ১০০ জনকৈ লোক। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ৰে’ল দুর্ঘটনা। উদ্ধাৰ অভিযান অব্যাহত। দুর্ঘটনাগ্ৰস্ত হোৱা ৰে’লখন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰি অসম অভিমুখে আহি আছিল।

পুনৰ এক ভয়ংকৰ ৰে’ল দুর্ঘটনা সংঘটিত হৈছে। ৪ জনকৈ লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ জন লোক আহত হৈছে এই ভয়ংকত ৰে’ল দুর্ঘটনাত। বুধবাৰে নিশা প্ৰায় ৯.৩৫ বজাত সংঘটিত হয় এই ভয়ংকৰ ৰে’ল দুর্ঘটনা। বিহাৰৰ বক্সাৰৰ ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত দুর্ঘটনাগ্ৰস্ত হয় নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন। ১২৫০৬ নম্বৰৰ নৰ্থ ইষ্ট এক্সপ্রেছ ৰে’লখন নিশাৰ ভাগত লাইনচ্যুত হোৱাত ৪ জন লোক নিহত হয় আৰু প্ৰায় ১০০ জন লোক আহত হয়।

আহত সকলক ততাতৈয়াকৈ পাটনাস্থিত এইমছত ভৰ্তি কৰোৱা হয়। ১২৫০৬ নম্বৰৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনাছৰ পৰা যাত্রা আৰম্ভ কৰি কামাখ্যা ৰে’ল জংছন অভিমুখে আহি আছিল। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দল দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী কুমাৰ চৌবে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু স্বাস্থ্য বিভাগৰ দল উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

দুর্ঘটনাত নিহত হোৱা সকলৰ ভিতৰত এটি ৮ বছৰীয়া শিশু আছে বুলি জানিব পৰা গৈছে। নিহত সকলৰ ভিতৰত দুগৰাকী মহিলা অসমৰ তিনিচুকীয়া জিলাৰ। ইতিমধ্যে মহিলা দুগৰাকীৰ মৃতদেহ এম্বুলেন্সযোগে অসমলৈ আনি থকা হৈছে। ইফালে ৰে’ল দুর্ঘটনাৰ পিছৰে পৰা অসমৰ এজন ৰে’লকর্মী সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ৰে’লকর্মী জন নগাঁৱৰ চিৰাজুল হক বুলি জানিব পৰা গৈছে। ৰে’ল দুর্ঘটনাৰ পিছতে ৮ খনকৈ ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে কেইবাখনো ৰে’লৰ যাত্ৰাৰ সময় সলনি কৰা হৈছে।

ৰেল দুর্ঘটনাত নিহত আৰু অহাত হোৱা সকলৰ সম্পৰ্কে তথ্য লাভ কৰিবলৈ ৰে’ল বিভাগে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। ৰে’ল দুর্ঘটনা নিহত হোৱা সকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহাৰ্য্য, গুৰুত্বৰভাৱে অহাত হোৱা সকললৈ ২.৫ লাখ টকাৰ সাহাৰ্য্য আৰু সামান্যভাৱে আহত হোৱা সকললৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য্য প্ৰদানৰ ঘোষণা কৰা হৈছে। ইফালে অসম চৰকাৰৰ ফালৰ পৰাও বক্সাৰ জিলা কৰ্তৃপক্ষৰ লগত উদ্ধাৰ অভিযান সন্দৰ্ভত যোগাযোগ ৰখা হৈছে।