তিনিচুকীয়া, ১২ অক্টোবৰ, ২০২৩ : ভয়ংকৰ অগ্নিকাণ্ডত (Fire Incident) গৃহহীন হ’ল ৪৫ টাকৈ পৰিয়াল। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল ৪৫ টাকৈ ঘৰ। বিস্ফোৰণ ঘটে কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ। অগ্নিকাণ্ডৰ পিছতে সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। অগ্নি নিৰ্বাক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি।

তিনিচুকীয়া জিলাৰ ১৫ নং বৰ্ডৰ ঢেকীয়াজুৰি মছজিদ পট্টিত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ৪৫ টাকৈ পৰিয়াল গৃহহীন হৈ পৰে। বুধবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত ৪৫ টা কৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত হঠাৎ জুইৰ লেলিহান শিখা এটাৰ পিছত আনটো ঘৰলৈ বিয়পি পৰাত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। প্ৰাণ ৰক্ষা কৰিবলৈ ঘৰৰ সকলো সামগ্ৰী এৰি ঘৰৰ পৰা ওলাই আহে লোক সকল।

স্থানীয় ৰাইজে জুই নিৰ্বানৰ চেষ্টা অব্যাহত ৰাখি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ ৭ খনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে ৪৫ টাকৈ ঘৰ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মমৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। জুইৰ সূত্ৰপাত হোৱাৰ পিছতে কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে।

অগ্নিকাণ্ডত কোনো লোকে হতাহত হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। জানিব পৰা মতে অগ্নিকাণ্ডত ভস্মীভূত হোৱা ঘৰ কেইটাত বসবাস কৰা লোক সকল ক্ষুদ্ৰ ব্যৱসায়ী। দুৰ্গা পূজা উপলক্ষে এই ক্ষুদ্ৰ ব্যৱসায়ী সকল লাখ লাখ টকাৰ সামগ্ৰী ঘৰত ৰাখিছিল। অগ্নিকাণ্ডত সকলো সামগ্ৰী জুইত জাহ যোৱাত এই ক্ষুদ্ৰ ব্যৱসায়ী সকল চকুৰে বাট নেদেখা হৈছে। এগৰাকী মহিলাই দুৰ্গা পূজাৰ পিছত কন্যাক বিয়া দিবলৈ জমা কৰি ৰখ সোণৰ অলংকাৰ আৰু নগদ ধন জুইত জাহ যোৱাত মহিলা গৰাকীৰ হিয়া ভঙা কান্দোন সকলোকে আবেগিক কৰি তোলে।

অগ্নিকাণ্ডত গৃহহীন হৈ পৰা লোকসকলৰ সাহাৰ্য্যৰ বাবে আগুৱাই আহিছে অঞ্চলটোৰ ৰাইজৰ লগতে ৱাৰ্ড কমিছনাৰ। ভুক্তভোগী লোক সকলৰ খাদ্যৰ লগতে অস্থায়ী বাসস্থানৰ ব্যৱস্থা কৰিছে ৱাৰ্ড কমিছনাৰ তৰুণ প্ৰতাপ সিঙৰ লগতে স্থানীয় লোক সকলে। ৱাৰ্ড কমিছনাৰ গৰাকীৰ লগতে স্থানীয় ৰাইজৰ এই সাহাৰ্য্যৰ বাবাৰ ভুক্তভোগী লোক সকলে শলাগ লৈছে। অগ্নিকাণ্ডৰ ফলত গৃহহীন হৈ পৰা লোক সকলে চৰকাৰক ক্ষতিপূৰণ দিয়াৰ বাবে আহ্বান জনাইছে।