নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ ডিচেম্বৰ : বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমাণ হ্ৰাস কৰাৰ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই । মানুহৰ দেহৰ বাবে হানিকাৰক চেনি।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি  কেৱল চেনি খোৱাৰ কাৰণেই ভাৰতত ২০২০ পৰ্যন্ত প্ৰায় ৩৫ কোটি লোক গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব।

চেনিৰ লগতে নিমখ আৰু তেল খোৱাৰ পৰিমাণো হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই । চেনি, নিমখ আৰু তেল প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিছ, হাইপাৰটেনশ্যন, হাৰ্ট এট্ৰেক আৰু কিডনিৰ বিভিন্ন ৰোগ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন বয়স্ক ব্যক্তিয়ে দিনটোত কেবল ৬ চামুচ (চাহ চামুচ) চেনিহে খোৱা উচিত। ইয়াৰ উপৰি আহাৰত এদিনত কেৱল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খোৱা উচিত।

ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবেদনত যিধৰণৰ তথ্য পোৱা যায় সেয়া অত্যন্ত উদ্বেগজনক কিয়নো ভাৰতত এজন লোকে গড়ে দিনটোত ১৬ৰপৰা ২০ চামুচ চেনি খায় আৰু আহাৰত ২-৩ চামুচ নিমখ তথা প্ৰায় ৮ চামুচ তেল গ্ৰহণ কৰে।