বৰহাট, নৱেম্বৰ ৪: চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আজি আসাম প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নৰ ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে আপকু চৰাইদেউ জিলাৰ সভাপতি মুকুল বড়াই আৰু তাৰ পিছতেই শ্বহীদ তৰ্পণৰ ৰাজহুৱা শুভাৰম্ভণি কৰে আপকু চৰাইদেউ জিলাৰ সম্পাদক ৰুস্তম গগৈয়ে৷ মুকলি সভাত আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, আপকুৰ কেন্দ্ৰীয় উপদেষ্টা শোভিত কুমাৰ চেত্ৰী, কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন মালি, জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, জনগোষ্ঠীয় সংগঠন  টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাঃসভাপতি লোহিত গগৈ, সোণাৰি পদ্মকুমাৰী বালিকা বিদ্যালয়ৰ বিষয়  শিক্ষক মণি গগৈ, প্ৰয়াত সাংবাদিক আব্দুল ৰফিক দেৱৰ সহঃধৰ্মিনী শ্ৰীযুক্তা ৰঞ্জিতা বৰপূজাৰীকে প্ৰমুখ্যে শিৱসাগৰ জিলা,ডিব্ৰুগড় দিলা সমিতিৰ বিশ্বনাথ জিলাৰ ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে৷ সভাত উপস্থিত সুহৃদ প্ৰত্যেকেই নিজৰ ভাষণত আব্দুল ৰফিক দেৱক সোঁৱৰি আয়োজিত অনুষ্ঠানত নিজা নিজা মত আগবঢ়ায়৷ অসমৰ সাংবাদিকৰ সংগ্ৰামী মঞ্চ আপ্কু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত প্ৰয়াত সাংবাদিক আব্দুল ৰফিক সোঁৱৰণি সদৌ অসম ভিত্তিত গ্ৰাম্য সাংবাদিকতা বঁটা আপকু কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ভৱেশ বৰুৱাক প্ৰদান  কৰা হয়৷