যোৰহাট, নৱেম্বৰ ৪: পুনৰ আৰম্ভ হ’ল শ্ৰীকৃষ্ণৰ ৰাসলীলা৷ জনসাধাৰণৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো ৰাসোৎসৱে কঢ়িয়াই আনিলে অলপ সতেজতা৷ ৰাজ্যৰ চৌদিশে ৰাসলীলা উপভোগৰ  বাবে ৰাইজৰ মাজত বৃদ্ধি পাইছে অফুৰন্ত উচাহ-উন্মাদনা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ সত্ৰ নগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাসলীলা উপভোগ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকে আহি ভিৰ কৰিছে নিমাতী ঘাটত৷  লুইতৰ বুকুয়েদি নিমাতী ঘাটৰ পৰা হাজাৰ হাজাৰ লোক সত্ৰ নগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাসলীলা উপভোগ কৰিবলৈ ৰাওনা হৈছে৷ প্ৰায় তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাস- মহোৎসৱৰ আজি দ্বিতীয় দিনা ও সত্ৰ নগৰীখনৰ ৰাসোৎসৱ উপভোগ কৰিবৰ বাবে নিমাতী ঘাটত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ লোকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে৷ আনহাতে, যান-বাহন আৰক্ষীৰ চৰম অৱহেলাৰ বাবে সত্ৰ নগৰী মাজুলীৰ ৰাসোৎসৱ উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে শ শ লোক৷ সত্ৰ নগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাসলীলা উপভোগ কৰিবৰ বাবে পুৱাৰে পৰা আহি ভিৰ কৰা বহুতো লোকে অহা বাটেৰেই পুনৰ ঘৰমুৱা হ’ব লগা পৰিস্থিতিৰো সন্মুখীন হৈছে৷