দক্ষিণ শালমাৰা মানকাচাৰ, ২ জুনঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক বদলিৰ দাবীত ১৯ টাকৈ সংগঠনে স্থানীয় লোকৰ সহযোগত অব্যাহত ৰাখিছে আমৰণ অনশন। বিগত বিগত পাঁচ দিন ধৰি প্ৰায় তিনি শতাধিক লোকে জিলা উপায়ুক্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি জিলাৰ সদৰ হাটশিঙিমাৰীৰ আকাশ বতাহ কঁপাই তোলে। অনশনৰ পাঁচ দিনাতো চৰকাৰ বা প্ৰশাসনৰ পৰা অনশনকাৰী সকলে কোনো ইতিবাচক সঁহাৰি নোপোৱাত সোঁচ্চৰ হৈ পৰিছে প্ৰতিবাদকাৰী সকল। কেবাগৰাকী অনশনকাৰী গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হয়৷ প্ৰতিবাদকাৰীসকলে সুস্থ হোৱাৰ পিছত পুনৰ অনশনত অংশগ্ৰহণ কৰিছে। আমৰণ অনশনকাৰীসকলক উঠাই নিয়া বাবে জিলা আৰক্ষী প্ৰশাসনে বিভিন্ন প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে অনশনকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ভাবুকি দিয়াৰ পাছতো অনশনকাৰী সকলে তেওঁলোকৰ দাবীত অটল আছে। তেওঁলোকে জিলা উপায়ুক্ত কৰুণা কুমাৰী জিলা খনত উপায়ুক্তৰ পদৰ পৰা বদলি নকৰালৈকে আমৰণ অনশন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷ উল্লেখ্য যে, কৰুণা কুমাৰীয়ে উপায়ুক্তৰ পদ লাভ কৰাৰ পিছৰে পৰা জিলাখনৰ চৰকাৰী বিষয়া, সাধাৰণ জনতাৰ লগত বিভিন্ন অশালীন ব্যৱহাৰ কৰি এক সন্ত্ৰাস চলাই আহিছিল৷ উপায়ুক্ত গৰাকীয়ে  কোনো লোকে কামৰ বাবে স্মাৰক পত্ৰ লৈ গ’লেও আবেদনকাৰী সকলৰ বিৰুদ্ধে ভুৱা গোচৰ দিয়াৰ লগতে সাংবাদিক সকলক দুব্যৱহাৰ কৰাৰ উপৰি উপায়ুক্তৰ কাৰ্যালয়ত সাংবাদিক সকলৰ প্ৰৱেশ নিষেধ কৰিছিল৷ জিলা উপায়ুক্ত কৰুণা কুমাৰীৰ একনায়কত্বৰ বিৰুদ্ধে জিলা খনৰ জনতাৰ সহযোগত ১৯ টাকৈ সংগঠনে এই আমৰণ অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে৷