নগাঁও : নগাঁৱত উদ্ধাৰ দুটাকৈ বোমা। কুঁহিয়াৰ খেতি পথাৰত উদ্ধাৰ বোমা দুটা। মাটিৰ তলত পুতি থোৱা অৱস্থাত বোমা দুটাক উদ্ধাৰ কৰে এজন কৃষকে। কুঁহিয়াৰ খেতি পথাৰত বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি নগাঁৱত তীব্ৰ চাঞ্চল্য।

নগাঁও চহৰৰ ৰণথলীৰ ৰজাভেটি কুঁহিয়াৰ খেতি পথাৰত দুটাকৈ বোমা উদ্ধাৰ হোৱাত কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰণথলীৰ ৰজাভেটিৰ জিতুমণি বৰা নামৰ এজন কৃষকে কুঁহিয়াৰ খেতি কৰাৰ বাবে পথাৰত গাঁত খান্দি থাকোতে মাটিৰ তলত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত বোমা দুটা প্ৰত্যক্ষ কৰে।

কুঁহিয়াৰ খেতি পথাৰত বোমা উদ্ধাৰ হোৱাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজে লগে লগে নগাঁও সদৰ আৰক্ষী থানাত খবৰ দিয়াত নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

পৰৱৰ্তী সময়ত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা) নিৰুপম হাজৰিকা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে যে প্ৰায় ১৫-২০ বছৰ পূৰ্বে আলফাৰ সদস্যই কুঁহিয়াৰ খেতিত বোমা কেইটা লুকুৱাই ৰাখিছিল। দেৰগাঁৱৰ পৰা বোমা বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। বোমা দুটা কুঁহিয়াৰ খেতি পথাৰতে নিষ্ক্ৰিয় কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।