আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত বিপিএল কাৰ্ডৰ জালিয়াতিৰ অভিযোগ এগৰাকী প্ৰাক্তন পৌৰনেত্ৰীৰ বিৰুদ্ধে। প্ৰাক্তন পৌৰনেত্ৰীয়ে বিপিএল কাৰ্ডৰ চাউল খাই থাকৰ অভিযোগ। ৰাইজৰ দলৰ তদন্তৰ দাবী। আনহাতে জালিয়াতিৰ অভিযোগ একেমুখে অস্বীকাৰ কৰিছে প্ৰাক্তন পৌৰনেত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰত বহুজনে ঘূৰাই দিছে নিজ নিজ বিপিএল কাৰ্ড সমূহ।
কিন্তু শিৱসাগৰ এগৰাকী প্ৰাক্তন পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ নাম সাঙোৰ খাইছে বিপিএল কাৰ্ডৰ চাউলৰ খোৱা বুলি। খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰী সুলভ মূল্যৰ দোকানৰ বিনামূলীয়া চাউল খাই থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ বিৰুদ্ধে।

শিৱসাগৰ নগৰৰ ১২ নং ৱাৰ্ডৰ যমুনা ৰোডৰ দাস উপাধিৰ এজন দোকানীৰ সুলভ মূল্যৰ দোকানখনৰ পৰা মৃদুস্মিতা দত্ত নামেৰে বিনামূলীয়া চাউল সংগ্ৰহ কৰি অহাৰ অভিযোগ উৎথাপন হৈছে প্ৰাক্তন সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে। গেৰুৱা দলৰ ঘোৰ সমৰ্থক মৃদুস্মিতা সিনহাৰ দত্ত উপাধিত থকা পৰিয়ালৰ আন সদস্যৰ নাম সিনহা হোৱাৰ বাবে এতিয়া আঙুলি উঠিছে প্ৰাক্তন পৌৰনেত্ৰী গৰাকীৰ বিৰুদ্ধে।

১২ নং ৱাৰ্ডৰ যমুনা ৰোডত অৱস্থিত সুলভ মূল্যৰ দোকান ক্ৰমিক নং ৪০ ত ১৮১০০৩৩৩৭৫৪০ ৰেচন কাৰ্ডখন মৃদুস্মিতা দত্তৰ নামত আৱন্টন আছে য’ত তেওঁৰ পৰিয়ালৰ আন সদস্য সকলৰ উপাধি সিনহা আছে। আনহাতে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে প্ৰাক্তন পৌৰনেত্ৰী গৰাকীয়ে। পৌৰসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এই অভিযোগ এক ষড়যন্ত্ৰ মূলক অভিসন্ধি বুলি কৈছে মৃদুস্মিতা সিনহাই।

২০১৩ বৰ্ষত কংগ্ৰেছ দলৰ শাসনত থকা সময়ত এই ৰেচন কাৰ্ড লাভ কৰা বুলি কয় প্ৰাক্তন সভানেত্ৰী গৰাকীয়ে। নিজৰ বেংক একাউণ্ট বিবাহৰ পূৰ্বৰ পৰাই দত্ত উপাধি ব্যৱহাৰ কৰি অহাৰ বাবে এই নামৰ বিসংগতি অহা বুলি জানিবলৈ দিয়ে প্ৰাক্তন পৌৰনেত্ৰী মৃদুস্মিতা সিনহাই। আনহাতে ৰাইজৰ দলে এই সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক প্ৰেৰণ কৰিছে।