আজিজ আলী
মুকালমুৱা : মুকালমুৱাৰ বামুনবড়ীত শোকাবহ পথ দুৰ্ঘটনা। সৰস্বতী পূজা কৰিবলৈ মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন ছাত্ৰই। ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ শ শ উত্তেজিত ছাত্ৰ আৰু ৰাইজৰ।

সৰস্বতী পূজাৰ আনন্দৰ মাজতে নালবাৰী জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ছাত্ৰ। নালবাৰী জিলাৰ মুকালমুৱাৰ বামুনবড়ীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা। বামুনবড়ী শ্বহীদ সোঁৱৰণি মহাবিদ্যালয়ৰ সত্যজিৎ নাথ নামৰ ছাত্ৰজন পূজা কৰিবলৈ মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয়।

এই ভয়ংকৰ পথ দুৰ্ঘটনাত অন্য দুজন ছাত্ৰও আহত হৈছে। আহত ছাত্ৰ দুজনৰ নাম ৰাহুল নাথ আৰু চম্পক নাথ। ইয়াৰে ৰাহুল নাথৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ৰাহুল নাথাক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। তিনিওজন ছাত্ৰ এএছ-১৪-ই-৮৪৬৮ নম্বৰৰ গ্লেমাৰ বাইক এখনেৰে দৌলাশাল দিশৰ পৰা মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত এএছ-২৬-চি-৫১৭৫ নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে বাইকখন মহতিয়াই নিয়ে।

নিহত সত্যজিৎ নাথৰ লগতে অহাত ছাত্ৰ দুজনৰ ঘৰ বৰক্ষেত্ৰীৰ ঘৰুৱাবাহত বুলি জানিব পৰা গৈছে। দুর্ঘটনাৰ পিছতে দুৰঘটনাস্থলীত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ক্ষোভিত ছাত্ৰ সকলৰ লগতে স্থানীয় ৰাইজে পথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইফালে দুর্ঘটনা সংঘটিত কৰা ডাম্পাৰখন দৌলাশাল আৰক্ষী চকীত আত্মসমৰ্পন কৰিছে।