আজিজ আলী
মুকালমুৱা : বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশালত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পূৰ্বৰ পৰাই বোৱাৰী গৰাকীক স্বামী গৃহৰ লোকে অকথ্য নিৰ্যান চলোৱাৰ অভিযোগ বোৰৱৰী গৰাকীৰ পিতৃ গৃহৰ পৰিয়ালৰ লোকৰ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশালত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে। বোৱাৰী গৰাকীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ। দৌলাশাল গাৱঁৰ বকুলি বৈশ্য নামৰ বোৱাৰী গৰাকীৰ ৰহস্যজনক মৃত্যুক পৰিকল্পিত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বোৱাৰী গৰাকীক পিতৃ গৃহৰ পৰিয়াল লোকে।

বোৱাৰী গৰাকীৰ স্বামী দীপ বৈশ্যৰ লগতে দীপ বৈশ্যৰ পৰিয়ালে পূৰ্বৰে পৰা বোৱাৰী গৰাকীক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰি বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে। স্বামী গৃহৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি বোৱাৰী গৰাকীয়ে আত্মহত্যা কৰিলে নে, বোৱাৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব।