গুৱাহাটী : বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকীয়ে অৱশেষত মুক্তি লাভ কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ছাত্ৰী গৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পিছত ছাত্ৰী গৰাকীক কাৰাগাৰৰ পৰা ওলাই আহিল মুকলি আকাশৰ তললৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰাত স্পষ্ট হ’ল যে কেৱল কবিতা লিখাৰ বাবেই ছাত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

মুক্তি লাভ কৰাৰ পিছতেই সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত বর্ষাশ্ৰী বুঢ়াগোহাঁই য়ে কয় যে কেনেকৈ তেওঁক আৰক্ষীয়ে সোধ-পোছৰ নামত গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁক যে কবিতাৰ বাহিৰে আন কথা সোধ-পোছ কৰা নাছিল এই কথা তেওঁ স্পষ্টকৈ কয়। আনহাতে ন্যায়ালয়ৰ মজিয়াটো স্পষ্ট হয় যে কেৱল কবিতা লিখাৰ বাবেই যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ ক্ষেত্ৰত আৰক্ষী, প্ৰশাসনৰ সহযোগক শলাগ লয় বর্ষাশ্ৰী বুঢ়াগোহাঁইয়ে।

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কর্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গাৰকীৰ বিষয়ে সংবাদ মাধ্যমত চর্চা লাভ কৰাৰ পিছত যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল এই কথা স্পষ্টকৈ ওলায় পৰিছে। ড০ দিব্যজ্যোতি শইকীয়াই কয় যে “তেওঁ বহু আগতেই এই বিষয়ত উনুকিয়াই থৈছিল যে যদিহে ছাত্ৰী গৰাকীয়ে কোনো সন্ত্ৰসবাদী সংগঠনৰ লগত যোগাযোগ ৰাখিছে, তেনে সংগঠনলৈ যাবলৈ প্ৰস্তুতি চলোৱাৰ কথা ছাত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ সময়ত চৰকাৰে তথা আৰক্ষীয়ে উল্লেখ কৰা নাছিল”।

চৰকাৰী পক্ষৰ বক্তব্য ভুৱা আছিল বুলি প্ৰমাণিত হ’ল বুলিও কয় তেওঁ। মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে বৰ্তমানৰ চৰকাৰে মানুহৰ মৌলিক অধিকাৰৰ পৰা আৰম্ভ কৰি বাক্ স্বাধীনতা আৰু মানৱ অধিকাৰ ব্যাপকভাৱে উলঙ্ঘন কৰি আহিছে। সেয়ে ভৱিষ্যতে সাধাৰণ কথাতে মানুহক গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰ উলঙ্ঘন নকৰিবলৈ চৰকাৰক সকিয়াই দিয়ে। উল্লেখ্য যে বর্ষাশ্ৰী বুঢ়াগোহাঁই কাৰাগাৰৰ ভিতৰতে দুটা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।