গুৱাহাটী, ৭ ডিচেম্বৰঃ সোমবাৰে আবেলি মহানগৰীৰ ভৰলুমুখত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা কে চি দাস কমাৰ্চ কলেজৰ মেধাবী ছাত্ৰী শ্বেতা আগৰৱালাৰ মৰণোত্তৰ পৰীক্ষাত পোৱা গৈছে শ্বেতাৰ ডিঙিত ছুৰীৰ আঘাত। বৃহস্পতি বাৰে শ্বেতাৰ মৰণোত্তৰ পৰীক্ষাত উন্মোচিত হোৱা এই ভয়ংকৰ তথ্যৰ পিছত আৰক্ষীৰ সন্দেহ ডিঙি কাটি হত্যা কৰা হৈছিল শ্বেতাক। উল্লেখ্য শ্বেতা আগৰৱালা নামৰ মেধাবী ছাত্ৰী গৰাকীৰ জ্বলি যোৱা মৃতদেহ গোবিন্দ সিংহাল নামৰ যুৱক জনৰ ঘৰৰ বাথৰূমৰ পৰা উদ্ধাৰ হোৱাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিব ধৰিছে। গোৱিন্দ শ্বেতাৰ প্ৰেমিক আছিল আৰু ঘটনাৰ দিনা শ্বেতা গোবিন্দৰ ঘৰলৈ যোৱাত দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হোৱাত গোবিন্দে শ্বেতাক ঠেলা মাৰি দিয়াত শ্বেতা মূৰত আঘাত পাই মৃত্যুৰ মুখত পৰা গোবিন্দে নিজকে বচাবলৈ নিজৰ মাতৃ আৰু ভগ্নীৰ সহায় লৈ শ্বেতাক নিজৰ বাথৰূমত জ্বলাই দিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল। কিন্তু মৰণোত্ত পৰীক্ষাৰ উন্মোচিত হোৱা তথ্যৰ পিছত এই ঘটনাৰ আঁৰত আৰু কিবা ডাঙৰ ৰহস্য থাকিব পাৰি বুলি সন্দেহ কৰিব পাৰি আৰু এই ৰহস্য ফাদিল হব আৰক্ষীৰ তদন্তৰ পিছতে।