গৰৈমাৰী, ২২ এপ্ৰিল, ২০২৪ : গুৰু-শিষ্যৰ (Teacher-Student) পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা। মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিল গুৰু-শিষ্যৰ অশ্লীল ভিডিঅ’। নিজ ছাত্ৰীৰ লগতে এগৰাকী শিক্ষকৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাকলৈ সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ভাইৰেল ভিডিঅ’ নায়কৰূপী লম্পট শিক্ষক গৰাকীক কোঠাত আৱদ্ধ কৰি ৰাখিছে ছাত্ৰ-ছাত্ৰীয়ে। আনহাতে ভাইৰেল ভিডিঅ’ নায়িকা ছাত্ৰী গৰাকীয়ে সুযোগ বুজি শিক্ষানুষ্ঠানৰ পৰা পলায়ন কৰে।

সোমবাৰে পুৱাই এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মোবাইলে মোবাইলে ভাইৰেল হৈ পৰে মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষক আৰু এগৰাকী ছাত্ৰীৰ অশ্লীল ভিডিঅ’। মহাবিদ্যালয়খনৰ গুৰু-শিষ্যৰ অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে মহাবিদ্যালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তপ্ত কৰি তোলে মহাবিদ্যালয়খন। গুৰু-শিষ্যৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱা জঘন্য আৰু নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ গৰৈমাৰি অঞ্চলৰ এখন মহাবিদ্যালয়ত।

কামৰূপ জিলাৰ গৰৈমাৰীৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান হৈছে এফ. এ. আহমেদ মহাবিদ্যালয়। এইখন মহাবিদ্যালয়তে সংঘটিত হৈছে এই জঘন্য আৰু নিৰ্লজ্জ ঘটনা। এফ. এ. আহমেদ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক আৰু এগৰাকী ছাত্ৰীয়ে ভিডিঅ’ কলযোগে কৰা অশ্লীল কাণ্ডৰ ভিডিঅ’ সোমবাৰে পুৱাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মোবাইলে মোবাইলে ভাইৰেল হৈ পৰে। মহাবিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্ৰীৰ অশ্লীল কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

এফ. এ. আহমেদ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক ড০ ছামিৰ আলীৰ সৈতে এগৰাকী ছাত্রীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল হোৱাত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মোবাইলে মোবাইলে অধ্যাপক ছামিৰ আলী আৰু ছাত্ৰী গৰাকীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰাত মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী উত্তেজিত হৈ অধ্যাপক ছামিৰ আলীক উত্তম-মাধ্যম সোধাই এটা কোঠাত আৱদ্ধ কৰি ৰাখি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ আনকি উত্তেজিত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন শ্ল’গান দি মহাবিদ্যালয়খনৰ চৌহদ উত্তপ্ত কৰি তোলে৷

আনহাতে অশ্লীল ভাইৰেল ভিডিঅ’ৰ ছাত্ৰী গৰাকী সুযোগ বুজি মহাবিদ্যালয়ৰ পৰা পলায়ন কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মহাবিদ্যালয়খনত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই জানিবলৈ দিয়ে যে অধ্যাপক ছামিৰ আলীৰ সৈতে ছাত্ৰী গৰাকীৰ দীর্ঘদিন ধৰি অবৈধ সম্পৰ্কৰ আছিল। একাংশ ছাত্ৰই অধ্যাপক ছামিৰ আলীক এনে অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ কেইবাবাৰো আহ্বান জানিছিল যদিও ছামিৰ আলীয়ে ছাত্ৰী গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক চলাই গৈছিল।