নিউজ ডেস্ক, ২২ এপ্ৰিল, ২০২৪ : কাটিহাৰ আৰু উদয়পুৰ চিটিৰ মাজত বিশেষ ৰে’ল সেৱা (Special Rail Service)। গ্ৰীষ্মকালত যাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’ল বিভাগে কাটিহাৰ আৰু উদয়পুৰ চিটিৰ মাজত বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা উদয়পুৰ চিটি আৰু কাটিহাৰৰ মাজত গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং. ০৯৬২৩/০৯৬২৪ (উদয়পুৰ চিটি-কাটিহাৰ-উদয়পুৰ চিটি) উভয় দিশত দহটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। এই ৰে’লপথত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মৰ সময়ত বিশেষ ৰে’লখনত আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

বিশেষ ৰে’ল নং ০৯৬২৩ (উদয়পুৰ চিটি-কাটিহাৰ) ৰে’লখন ২৩ এপ্ৰিলৰ পৰা ২৫ জুন, ২০২৪ লৈ প্ৰতি মঙলবাৰে ১৬:০৫ বজাত উদয়পুৰ চিটিৰ পৰা প্ৰস্থান কৰি বৃহস্পতিবাৰে ০২:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৯৬২৪ (কাটিহাৰ-উদয়পুৰ চিটি) ৰে’লখন ২৫ এপ্ৰিলৰ পৰা ২৭ জুন, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে ১৫:০০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি শনিবাৰে ৪:১৫ বজাত উদয়পুৰ চিটিত গৈ উপস্থিত হ’ব।

বিশেষ ৰে’লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে এচি ২-টায়াৰ, এচি ৩-টায়াৰ, এচি ৩-টায়াৰ ইকনমি, শ্লীপাৰ ক্লাছ আৰু সাধাৰণ আসনৰ ডবা থাকিব। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন চান্দেৰিয়া, জয়পুৰ জংচন, ভৰতপুৰ জংচন, আগ্ৰা কেণ্ট, ইটাৱা জংচন, প্ৰয়াগৰাজ জংচন, আৰা জংচন, পাটলিপুত্ৰ জংচন, বাৰাউনী জংচন, খাগৰীয়া জংচন, নৱগচিয়া আদি হৈ চলাচল কৰিব আৰু টিকট উপলব্ধ আছে।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন সংবাদপত্ৰ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।