নিউজ ডেস্ক : তেলেংগানা বিজেপিৰ (Telengana BJP) মুৰব্বী বণ্ডী সঞ্জয় কুমাৰক গ্ৰেপ্তাৰ। প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত তেলেংগানা চৰকাৰে গ্ৰেপ্তাৰ কৰিছে বণ্ডী সঞ্জয় কুমাৰক। বিজেপিয়ে ভুৱা অভিযোগত বণ্ডী সঞ্জয় কুমাৰক তেলেংগানা চৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিজেপিৰ তেলেংগানা ইউনিটৰ সভাপতি বণ্ডী সঞ্জয় কুমাৰক এছ এছ চি (ছেকেণ্ডাৰী স্কুল চাৰ্টিফিকেট)ৰ প্ৰশ্ন কাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেলেংগানা আৰক্ষীয়ে মঙলবাৰে মাজনিশা কৰিমনগৰৰ বণ্ডী সঞ্জয় কুমাৰৰ বাসগৃহত উপস্থিত হৈ বণ্ডী সঞ্জয় কুমাৰক আটক কৰে। পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বিজেপিৰ নেতা গৰাকীক।

বিজেপিৰ নেতা গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে বিজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। মাজনিশা তেলেংগানা আৰক্ষীয়ে তেলেংগানাৰ বিজেপি মুৰব্বী বণ্ডী সঞ্জয় কুমাৰক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত বিজেপি আই টি চেলে কেচিআৰ চৰকাৰক আক্ৰমণ কৰি লৈছে। বিজেপিৰ নেতা গৰাকীক প্ৰশ্ন কাকত ফাদিলৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি দাবী কৰিছে বিজেপিৰ আই টি চেলে।

বণ্ডী সঞ্জয় কুমাৰৰ গ্ৰেপ্তাৰৰ পিছতে বিজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। বিজেপিয়ে বণ্ডী সঞ্জয় কুমাৰৰ গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰিছে। ইফালে বুধবাৰে পুৱা তেলেংগানাৰ যাদদ্ৰী ভুৱনাগিৰি জিলাৰ বোম্মালাৰৰামম থানাৰ সন্মুখত বিজেপি কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বণ্ডী সঞ্জয় কুমাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত বহু বৃহৎ বিজেপি নেতা আৰু অন্যান্য কৰ্মীয়ে থানাত উপস্থিত হয়।