নিউজ ডেস্ক : ছিক্কিমত ভয়ংকৰ হিমস্খলনৰ ঘটনা (Sikkim Avalanche) ৭ জন পৰ্যটকৰ মৃত্যু, আহত ১১ জনকৈ পৰ্যটক। বহু লোক বৰফৰ তলত আৱদ্ধ হৈ আছে। উদ্ধাৰ অভিযান আৰম্ভ। হিমস্খলনৰ হোৱা অঞ্চলটোত ১৫০ ৰো অধিক পৰ্যটক আছিল।

মঙলবাৰে ছিক্কিমত সংঘটিত হৈছে এক ভয়ংকৰ হিমস্খলনৰ ঘটনা। মঙলবাৰে দুপৰীয়াৰ ভাগত নাথুলা মাউণ্টেন পাছত সংঘটিত হোৱা হিমস্খলনৰ ঘটনাৰ ৭ জনকৈ পৰ্যটক বৰফৰ তলত আৱদ্ধ হৈ মৃত্যুৰ মুখত পৰাৰ লগতে ১১ জনকৈ পৰ্যটক আহত হৈছে। নাথুলা মাউণ্টেন পাছত হঠাৎ সংঘটিত হোৱা হিমস্খলনৰ ফলত বহু লোক বৰফৰ তলত এতিয়াও আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

হিমস্খলনৰ সময়ত পৰ্যটকস্থলীটোত ১৫০ জনৰো অধিক পৰ্যটক উপস্থিত আছিল। হিমস্খলনৰ ফলত বৰফৰ তলত আৱদ্ধ হৈ পৰা বহু লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা।হয়। ইয়াৰে ৭ জন লোকৰ মৃত্যু ঘটে। মৃতকৰ মাজত পাঁচ জন পুৰুষ আৰু এগৰাকী মহিলা আৰু এটি শিশু আছে।

হিমস্খলনৰ ঘটনাৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। বৰফৰ মাজত আৱদ্ধ হৈ পৰা লোক সকলৰ উদ্ধাৰ অভিযানৰ ভিডিঅ’ ইতিমধ্যে বিভিন্ন সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পাইছে। ছিক্কিম আৰক্ষী আৰু ছিক্কিম পৰ্যটন বিভাহৰ দল উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। বৰ্তমানলৈকে উদ্ধাৰকাৰী দলটোৱে ২২ জনকৈ লোকক বৰফৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। হিমস্খলনৰ ঘটনা সংঘটিত হোৱা অঞ্চলটো চীন সীমান্তৱৰ্তী। অঞ্চলটোৰ মনোমোহা পৰিৱেশৰ পৰ্যটক সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হঠাৎ অহা বৰফৰ ধুমুহাৰ ফলত বহু বাহন পথত আৱদ্ধ হৈ আছে।