গুৱাহাটী : অসমত আই পি এলৰ (IPL) প্ৰথমখন মেচ। ইতিমধ্যে সাজু হৈছে সকলো। সজাই পৰাই তুল হৈছে বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থা ষ্টেডিয়াম। ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ দুয়োটা দলৰ খেলুৱৈ অসম ক্রিকেট সন্থা ষ্টেডিয়ামত নামৰ লগে লগে আই পি এলৰ ইতিহাসত সংযোগ হ’ব অসম ক্রিকেট সন্থা ষ্টেডিয়ামৰ নাম।

আই পি এলৰ ইতিহাসত অসম ক্রিকেট সন্থা ষ্টেডিয়ামৰ নাম সংযোগ হোৱাৰ পূৰ্বেই নিজৰ ব্যৰ্থতাক ঢাকি ৰখাৰ ব্যৰ্থ চেষ্টা চলোৱা পৰিলক্ষিত হ’ল এইখন চৰকাৰে। বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থা ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা ভৰলু নৈক টিৰপালেৰে ঢাকি ৰখাৰ চেষ্টা চলালে প্ৰশাসনে। আই পি এলত অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ চকুত যাতে লেতেৰা ভৰলু নৈ ধৰা নপৰে ইয়াৰে ব্যৰ্থ চেষ্টা চলালে প্ৰশাসনে।

খেলুৱৈ সকলৰ চকুৰ পৰা ৰোগীয়া ভৰলু নৈক ঢাকি ৰখাৰ চেষ্টা চলোৱা প্ৰশাসনে মহানগৰীবাসীৰ পৰা কেনেকৈ লুকুৱাই ৰাখিব ভৰলুৰ লেতেৰা আৰু দুৰ্গন্ধময় পৰিৱেশ। ভৰলু নৈক চিৰপালেৰে ঢাকি ৰখাৰ দৃশ্য মহানগৰীবাসীত ধৰা পৰাৰ লগে লগে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমত ভাইৰলছ হৈ পৰিছে চিৰপালেৰে ঢাকি ৰখা ভৰলুৰ ছবি।

আই পি এলৰ বাবে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি ৰখা নাই যদিও লেতেৰা ভৰলুক টিৰপালেৰে ঢাকি আই পি এলৰ খেলুৱৈ সকলৰ চকুৰ পৰা লুকুৱাই ৰখাৰ চেষ্টাই হতবাক কৰি তুলিছে সকলোকে। উল্লেখ্য যে বুধবাৰে অসমৰ মাটিত প্ৰথমখন আই পি এলৰ মেচ অনুষ্ঠিত হ’ব।

সন্ধিয়া ৭.৩০ বজাত বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত এই খেলখন। ইতিমধ্যে ষ্টেডিয়ামৰ বাহিৰত পুৱাৰ পৰাই দুয়ো দলৰ অনুৰাগী সকলে ভিৰ কৰিছে। ৰাজস্থান ৰয়েলছত আছে অসম সন্তান ৰিয়ান পৰাগ।