গুৱাহাটী,২২ নৱেম্বৰঃ ত্ৰিপুৰাত সাংবাদিক সুদীপ দত্ত ভৌমিকৰ হত্যাৰ বিৰুদ্ধে যোৰাবাটত ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ অসম শাখাৰ প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰিলে ডিমৰীয়া ছাত্ৰ সন্থা আৰু যোৰাবাট সাংবাদিক সংস্থাই। প্ৰতিবাদকৰি সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক চৰকাৰৰ পুত্তলিকা দাহ কৰি সংবাদিকৰ সুৰক্ষাৰ দাবী জনায়। ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ অসম শাখাৰ উপসম্পাদক আশীষ নাগে জানিবলৈ দিয়ে যে ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ অসম শাখাৰ ফালৰ পৰা সাংবাদিক সুদীপ দত্ত ভৌমিকৰ হত্যাৰ উচিত তদন্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ইতিমধ্যে পাত্ৰ প্ৰেৰণ কৰা হৈছে আৰু আমি ইয়াৰ তদন্ত চিবিআই দ্বাৰা কৰাৰো দাবী জনাইছোঁ। উল্লেখ্য যে বুধবাৰে ত্ৰিপুৰাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সুদীপ দত্ত ভৌমিকক টিএছআৰ জোঁৱানে গুলিয়াই হত্যা কৰিছিল। ইয়াৰ পূৰ্বেও কিছুদিন আগত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে ত্ৰিপুৰাত এজন সাংবাদিকক হত্যা কৰা হৈছিল।