আজিজ আলী

নলবাৰী : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰ’ল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পেট্ৰ’ল আৰু ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সর্বসাধৰণ ৰাইজৰ অতিষ্ঠ হৈ পৰিছে যদিও মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণ বিফল হোৱা পৰিলক্ষিত হৈছে। বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনে সময়ে সময়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰক দাবী জনাই ৰাজপথলৈ ওলাই আহিছে।

মঙলবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নৰবাৰী চহৰৰ এনটি ৰোডস্থিত নলবাৰী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যলয়ৰ সন্মুখত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নিতৌ বৃদ্ধি পাই থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

নিতৌ খাদ্য সামগ্ৰীকে ধৰি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ মূল্য যি হাৰত বৃদ্ধি হ’বলৈ ধৰিছে, ই সাৰ্বসাধাৰন ৰাইজক মাধমৰ শোধাইছে বুলি কয় প্ৰতিবাদকাৰী সকলে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰন সম্পাদক কৌশিক বৰ্মনে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰখন মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি জানিবলৈ দি চৰকাৰখনক অতি শিঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ আহ্বান জনায়।