গুৱাহাটী : চুৰিৰ মূল্যবান সামগ্ৰী লৈ নৈত জাপ দিলে চোৰে। হাতত চুৰিৰ সামগ্ৰীৰ টোপোলা লৈ ভৰলু নৈত জাপ দিলে চোৰে। ভৰলু নৈ হৈ নলাত প্ৰৱেশ কৰি পলায়ন চেষ্টা চলাই নলাত আৱদ্ধ হৈ পৰে চোৰটো। আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ লোকে নলাৰ পৰা উদ্ধাৰ কৰে চোৰটোক।

সোমবাৰে অনিল নগৰত এটা চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ৰাইজৰ হাতত ধৰা পৰাৰ ভয়ত এটা চোৰে চুৰিৰ মূল্যবান সামগ্ৰীৰ টোপোলা লৈ ভৰলু নৈত জাপ দিয়ে। ভৰলু নৈ জাপ দিয়া চোৰটোক এজন স্থানীয় লোকে উদ্ধাৰ কৰিবলৈ যাওঁতে চোৰটো ভৰলু নৈৰ লগত সংযোগ হৈ থকা এটা নলাত সোমাই যায়।

ইয়াৰ পিছতে নলাটোৰ পৰা চোৰটোক উদ্ধাৰ কৰিবলৈ ৰাইজে চেষ্টা চলায় যদিও চোৰটো নলাৰ পৰা ওলাই নাহে। অৱশেষত ৰাইজে গীতনগৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ চোৰটোক নলাৰ পৰা উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰে।

আৰক্ষী, স্থানীয় ৰাইজ আৰু এছডিআৰএফ বাহিনীৰ লোকে প্ৰায় এঘণ্টা সময় ধৰি প্ৰচেষ্টা চলাই চোৰটোক নলাৰ পৰা উদ্ধাৰ কৰে। চোৰটো নলাৰ পৰা ওলাই আহে যদিও চুৰিৰ সামগ্ৰীখিনি নলাৰ ভিতৰতে এৰি আহে। চোৰটোক আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে।