হোজাই : হোজাইত কপিলী নৈৰ বাঢ়নী পানীয়ে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। হোজাইত কপিলী নৈৰ বাঢ়নী পানী প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে। হোজাইৰ বিস্তীৰ্ণ অঞ্চল এতিয়া কপিলী নৈৰ বাঢ়নী পানীৰ তলত।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতিৰ দ্ৰুত গতিত অৱনতি ঘটিছে। হোজাই জিলাত কপিলী নৈৰ পানী ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত জিলাখন ন ন অঞ্চল কপিলী নৈৰ বাঢ়নী পানীত বুৰ গৈছে। হাজাৰ হাজাৰ কৃষি ভূমিৰ লগতে বহু লোকৰ ঘৰ পানীৰ তলত।

জিলাখনৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযান চলাই থকা এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ইতিমধ্যে ৭০ টাকৈ পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

বানপানীত আৱদ্ধ হৈ থকা পৰিয়াল কেইটাক উদ্ধাৰ কৰি চৰকাৰী বিদ্যালয় সমূহত স্থাপন কৰা আশ্ৰয় শিবিৰত ৰখা হৈছে। ইফালে আশ্ৰয় শিবিৰত থকা লোক সকলে বিশুদ্ধ খোৱা পানী, খাদ্য আৰু অন্যান্য সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।