মানকাচৰ : মেঘালয়ত গণ প্ৰহাৰৰ বলি গৰু চোৰ। মেঘালয়ত গৰু চুৰ কৰিবলৈ গৈ গণ প্ৰহাৰৰ বলি হ’ল অসমৰ গৰু চোৰ। অসমৰ তিনি গৰু চোৰক মেঘালয়ত গণ প্ৰহাৰ। মানকাচৰৰ পৰা মেঘালয়ত গৰু চুৰ কৰিবলৈ গৈছিল গৰু চোৰৰ এটা দল।

চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে এক গণ প্ৰহাৰৰ ঘটনা। তিনিজনকৈ গৰু চোৰক গণ প্ৰহাৰ কৰা হৈছে মেঘেয়ালত। গৰু চোৰ তিনিজন অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ। গণ প্ৰহাৰত আহত হোৱা গৰু চোৰ তিনিজন ক্ৰমে আই হুছেইন, ময়জাল হক আৰু জিল হক।

মানকাচৰৰ পৰা ৮ জনীয়া গৰু চোৰৰ এটা দল এটা মেঘালয়ত গৰু চুৰি কৰিবলৈ গৈছিল। মেঘালয়ৰ দামালগিৰি থানাৰ অন্তৰ্গত বলংগিৰিত সংঘটিত হৈছে এই গণ প্ৰহাৰৰ ঘটনা। আহত গৰু চোৰ তিনিজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মানকাচৰৰ পৰা ট্ৰাক এখন লৈ ৮ জনীয়া গৰু চোৰৰ দলটো মেঘালয়ত গৰু চুৰ কৰিবলৈ গৈছিল। দলটোৰ ১ জন সদস্যক মানকাচৰৰ কালাপানী আৰক্ষীয়ে আটক কৰিছে। দলটোৰ বাকী ৪ জন সদস্য পলাতক অৱস্থাত আছে। আৰক্ষীয়ে গৰু চোৰৰ দলটোৰ ৪ জন সদস্যক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

গৰু চোৰৰ দলটোৱে মেঘালয়ৰ এজন লোকৰ ঘৰৰ পৰা তিনিটা গৰু চুৰ কৰাৰ পিছতে স্থানীয় ৰাইজে গৰু চোৰৰ দলটোক আটক কৰি গণ প্ৰহাৰ কৰে। দলটোৰ ৫ জন সদস্য পলায়ন কৰে যদিও ৩ জন স্থানীয় ৰাইজৰ গণ প্ৰহাৰত গুৰুত্বৰভাৱে আহত।হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু চোৰ ৩ জনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।