গুৱাহাটী : ৰাজ্যজুৰি দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ। দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশৰ সুযোগ গ্ৰহণ কৰি ড্ৰাগছ (Drugs) সৰবৰাহৰ চেষ্টা ড্ৰাগছ সৰবৰাহকাৰীৰ। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিল তিনিজনকৈ লোক।

দুৰ্গা পূজাকলৈ আৰক্ষী প্ৰশাসন ব্যস্ত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই সোণাপুৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী। এখন ট্ৰাকযোগে বৃহৎ পৰিমাণৰ হেৰ’ইন সৰবৰাহৰ চেষ্টা চলাই জালত পৰিল তিনিজকৈ ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা ৩০০ গ্ৰাম হেৰ’ইন, নগদ ৪৭ হাজাৰ টকা আৰু ৪ টাকৈ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

সোমবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে সোণাপুৰত এখন ট্ৰাকত তালাচী চলাই ১৮ টাকৈ ড্ৰাগছ ভৰ্তি বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা আৰক্ষীয়ে ৩০০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। হান্নান আলী নামৰ ট্ৰাক চালকজনে এনএল-০১-এএফ-৫৮৮৫ নম্বৰৰ ট্ৰাকখন এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি লুকুৱাই আনিছিল।

আৰক্ষীয়ে ট্ৰাক চালক হান্নান আলীক গ্ৰেপ্তাৰ কৰি জেৰাৰ অন্তত খানাপাৰাৰ পৰা আৰু দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন লিয়াকত আলী আৰু মহম্মদ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। লিয়াকত আলী আৰু মহম্মদ আনোৱাৰ হুছেইনৰ ঘৰ বৰপেটা জিলাত, আনহাতে ট্ৰাকখনৰ চালক হান্নান আলীৰ ঘৰ বিজনীত।

ট্ৰাক চালক হান্নান আলীয়ে মণিপুৰৰ পৰা ড্ৰাগছখিনি আনি খানাপাৰাত লিয়াকত আলী আৰু মহম্মদ আনোৱাৰ হুছেইনক হেৰ’ইনখিনি গতাই দিয়াৰ কথা আছিল। ইফালে মহানগৰীৰ ভৰলুমুখত আৰক্ষীয়ে অভিযান চলাই এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। নিচাযুক্ত টেবলেটখিনিৰ লগতে আৰক্ষীয়ে মানকাচৰৰ জাকিৰুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।