শ্বিলং : অসম আৰক্ষীৰ সমান্তৰালকলৈ মেঘালয় আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান (War Against Drugs By Meghalaya Police) অব্যাহত ৰাখিছে। সোমবাৰে মেঘালয় আৰক্ষীৰ জালত পৰে তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰী। জব্দ বৃহৎ পৰিমাণৰ হে’ৰইন।

অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰতিদিনে সাফল্য লাভ কৰি থকাৰ মাজতে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধিছে মেঘালয় আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে মেঘালয় আৰক্ষীয়ে। সোমবাৰে এক ড্ৰাগছ বিৰোধী অভিযান চলাই মেঘালয় আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰে।

বৰ্ণিহাটত মেঘালয় আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ২০০ গ্ৰাম হে’ৰইনসহ তিনি গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী জালত পেলায়। জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ধৃত তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত এগৰাকী মণিপুৰৰ আৰু দুগৰাকী নাগালেণ্ডৰ বাসিন্দা।

মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষাইয়ে কয় “নাগালেণ্ডৰ পৰা এগৰাকী মহিলাই ড্ৰাগছ লৈ শ্বিলং অভিমুখে আহি থকাৰ এক গোপন খবৰ মেঘালয় আৰক্ষীয়ে লাভ কৰিছিল। ইয়াৰ পিছতে বৰ্ণিহাটত মেঘালয় আৰক্ষীৰ এটা দলে অভিযান চলাই এখন টেক্সিত তালাচী চলাই বৃহৎ পৰিমাণৰ হে’ৰইনসহ তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ধৃত তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ এগৰাকী মণিপুৰৰ আৰু এগৰাকী নাগালেণ্ডৰ মহিলা। মেঘালয় আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিও গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে সোমবাৰে নিশাৰ ভাগত অসমৰ আৰক্ষীও এক অভিযান চলাই সোণাপুৰত এক কোটি টকা মূল্যৰ হে’ৰইনসহ তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।