আজিজ আলী

বৰক্ষেত্ৰী : দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰিক সংঘাতৰ (Clash Between Two Group) ভয়ংকৰ পৰিণতি। এটা ফৈদৰ আক্ৰমণ আনটো ফৈদৰ বাসগৃহৰ ওপৰত। বাসগৃহ লণ্ডভণ্ড কৰি অগ্নি সংযোগ। ৯ জনকৈ লোকক আটক আৰক্ষীৰ।

ভূমি কেন্দ্ৰিক সংঘাতৰ পুনৰ এক ভয়ংকৰ পৰিণতি সংঘটিত হৈছে ৰাজ্যত। দীর্ঘদিন ধৰি চলি থকা ভূমি কেন্দ্ৰিক সংঘাতে সোমবাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু এটা ফৈদে আনটো ফৈদৰ বাসগৃহ লণ্ডভণ্ড কৰি অগ্নি সংযোগ কৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলত।

বৰক্ষেত্ৰী সমষ্টিৰ শিয়ালমাৰী চৰৰ হানিফ আলী আৰু মজিদ আলী নামৰ লোক দুজনৰ পৰিয়ালৰ মাজত দীর্ঘদিন ধৰি ভূমি কেন্দ্ৰিক সংঘাত চলি আছিল। সোমবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। মজিদ আলীৰ বিৰুদ্ধে হানিফ আলীৰ বাসগৃহ লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে হানিফ আলীয়ে।

হানিফ আলীৰ নেতৃত্বত কেইজনমান লোকে মজিদ আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলাই বাসগৃহ লণ্ডভণ্ড কৰি অগ্নি সংযোগ কৰে বুলি অভিযোগ কৰিছে মজিদ আলীয়ে। আক্ৰমণত মজিদ আলীসহ সোনাবৰ আলী আৰু চৰবেছ আলী আহত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটাৰ খবৰ পাই শিয়ালমাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ চেষ্টা চলাই বিফল হোৱাত শিয়ালমাৰী আৰক্ষীৰ দলটোৱে নলবাৰী আৰক্ষীক খবৰ দিয়ে। অৱশেষত নলবাৰী জিলা আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে দুয়োপক্ষৰ ৯ জনকৈ লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।