গুৱাহাটী : চান্দডুবি বিলত আশ্ৰয় পালে ৫৯ টাকৈ দুষ্প্ৰাপ্য বৰ কাছই। কাছ সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সন্থা ‘টাৰতল ছাৰ্ভাইভেল এলায়েন্সে’ উদ্যোগত আৰু ৰাজ্যিক পৰিৱেশ আৰু বন বিভাগৰ সহযোগত চান্দডুবি বিলত মুকলি কৰি দিয়া হয় ৫৯ টাকৈ দুষ্প্ৰাপ্য বৰ কাছ। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ হাতেৰে দুষ্প্ৰাপ্য বৰ কাছ কেইটাক মুকলি কৰি দিয়ে চান্দডুবি বিলত।

চান্দডুবি বিলৰ পাৰত আয়োজন কৰা ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। বনমন্ত্ৰী গৰাকীয়ে ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ৰ অনুষ্ঠানত কয় “আৰ্দ্ৰভূমি সমূহ কেৱল মাত্ৰ মানুহৰ বাবেই নহয় পৃথিৱীৰ বাবেও অতিকৈ প্ৰয়োজনীয়। আৰ্দ্ৰভূমি সমূহে সামগ্ৰী পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰ্দ্ৰভূমি সমূহ সংৰক্ষণৰ বাবে সকলোৰে সহায়-সহযোগিতাৰ প্ৰয়োজন আছে”।

বনমন্ত্ৰী গৰাকীয়ে ডৰা বিল আৰু দীপৰ বিলৰ কথা উল্লেখ কৰি কয় যে ডৰা বিল আৰু দীপৰ বিল বিভিন্ন প্ৰজাতিৰ জলচৰ প্ৰাণীৰ লগতে পৰিভ্ৰমী চৰাইৰ ঘৰ। ডৰা বিল আৰু দীপৰ বিল জৈৱ বৈচিত্ৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰ্দ্ৰভূমি। অনুষ্ঠানত বনমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে এন আৰু বন বিভাগৰ কেইবাজনো উচ্চপদস্ত বিষয়া।

‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ৰ লগত সংহতি ৰাখি আয়োজন কৰা এক চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক বনমন্ত্ৰী গৰাকীয়ে প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে চান্দডুবি বিলৰ পৰাত গছ পুলিও ৰোপণ কৰে। বনমন্ত্ৰী আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক গৰাকীয়ে নিজ হাতেৰে চান্দডুবি বিলত মুকলি কৰি দিয়ে ৫৯ টাকৈ দুষ্প্ৰাপ্য বৰ কাছ। কাছ সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সন্থা ‘টাৰতল ছাৰ্ভাইভেল এলায়েন্সে’ এই দুষ্প্ৰাপ্য বৰ কাছ কেইটা সংৰক্ষণ কৰি ৰাখিছিল।

উল্লেখ্য যে প্ৰতিবছৰে ২ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’। আৰ্দ্ৰভূমি সমূহ সংৰক্ষণৰ লগতে বিশ্ববাসীৰ মাজত আৰ্দ্ৰভূমি সমূহ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে এই দিৱস পালন কৰা হয়। ভাৰতত থকা আৰ্দ্ৰভূমি সমূহৰ ভিতৰত ৪৬ টা আৰ্দ্ৰভূমিক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ। ভাৰতৰ ৪৬ টা ৰামচৰ ক্ষেত্ৰৰ তালিকাত আছে মণিপুৰৰ লোকটাক হ্ৰদ।