জোনমণি বেগম
বিশ্বনাথ : শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্বনাথ জিলা প্ৰশাসনৰ অভিযান। বিশ্বনাথ নগৰৰ বৌ বজাৰৰ পৰা দুটি শিশু শ্ৰমিকক উদ্ধাৰ। বিশ্বনাথ জিলা প্ৰশাসন, বিশ্বনাথ আৰক্ষী, শ্ৰম বিভাগ আৰু সংহত শিশু বিকাশ প্ৰকল্প, বিশ্বনাথৰ এক যুটীয়া অভিযানত বিশ্বনাথৰ বৌ বজাৰৰ দুখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা দুটি শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। এগৰাকী কিশোৰীও উদ্ধাৰ হোৱাত কিশোৰী গৰাকীক স্বগৃহলৈ পঠিয়াই দিয়া হয়।

বিশ্বনাথ নগৰৰ বৌ বজাৰস্থিত মা দুৰ্গা বস্ত্ৰালয় আৰু ৰয় ফুট ওৱেৰ নামৰ দোকান দুখনৰ পৰা ক্ৰমে ১২ আৰু ১৪ বছৰ বয়সৰ দুটি শিশু শ্ৰমিকক কৰ্মৰত অৱস্থাত অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাহিলী দুই হাজাৰকৈ টকাৰ বিনিময়ত বিগত কিছুদিন ধৰি শিশু দুটিক উক্ত ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ স্বত্বাধিকাৰীয়ে নিয়োগ কৰি আহিছিল বুলি এক নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত বিশ্বনাথ জিলা প্ৰশাসনে এই অভিযান চলায়।

শিশু দুটিক শ্ৰমিক হিচাপে নিয়োগ কৰা দোকান দুখনৰ এগৰাকী স্বত্বাধিকাৰী বিশ্বনাথ লেহুগাঁও গাঁও পঞ্চায়তৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা বিজয় ৰয়ে নিজে শিশু আইন ভংগ কৰি এনেধৰণৰ বেআইনী কাৰ্য কৰাত বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰ, সহকাৰী আয়ুক্ত কংকনা শইকীয়াৰ লগতে বিশ্বনাথ আৰক্ষী, শ্ৰম আৰু শিশু কল্যাণ বিভাগৰ বিষয়াৰ নেতৃত্বত অভিযান চলিছিল।

উদ্ধাৰকাৰী দলটোৰ অভিযানত উদ্ধাৰ হোৱা শিশু দুটিক ইতিমধ্যে বিশ্বনাথ জিলাৰ গলীয়াস্থিত শিশু সুৰক্ষা গৃহত ৰখা হৈছে আৰু অনতিপলমেই শিশু দুটিক জিলাখনতে থকা তেওঁলোকৰ স্বগৃহলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে মা দুৰ্গা বস্ত্ৰালয়ত স্বত্বাধিকাৰীৰ অনুপস্থিতিত আন এগৰাকী কন্যা শিশু পোৱা গৈছিল যদিও নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীক স্বত্বাধিকাৰীয়ে নিজৰ খুলশালী বুলি পৰিচয় দিয়াত কিশোৰী গৰাকীৰ স্বগৃহলৈ পঠিয়াই দিয়া হয়।