গৰৈমাৰী : এগৰাকী নাবালিকাৰ কৰুণ প্রেম কাহিনী। প্ৰেমৰ বাবেই জীৱন হেৰুৱালে এগৰাকী নাবালিকাই। প্ৰেমিকৰ লগত পলাই যোৱা নাবালিকা গৰাকীক ৰাইজে উদ্ধাৰ কৰি প্ৰেমিকৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিয়াৰ পিছতে প্ৰাণ হেৰুৱালে নাবালিকা গৰাকী।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডা গাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা। প্ৰেমৰ বাবেই মেৰগাণ্ডা গাঁৱৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাই হেৰুৱালে প্ৰাণ। সোমবাৰে নিশাৰ ভাগত নাবালিকা গৰাকী প্ৰেমিকৰ লগত পলায়ন কৰা সময়ত স্থানীয় ৰাইজে নাবালিকা গৰাকীক প্ৰেমিকসহ আটক কৰে।

ৰাইজে নাবালিকা গৰাকীৰ সন্মুখত প্ৰেমিক আবেদ উল্লাহৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিয়াৰ পিছতে নাবালিকা গৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাণ বিসৰ্জন।দিয়ে। আবেদ উল্লাহ বিবাহিত আৰু এটি সন্তাৰণ পিতৃ। এই কথা পূৰ্বে জনা নাছিল নাবালিকা গৰাকী। প্ৰেমিক বিহাবিত আৰু এটি সন্তানৰ বুলি অৱগত হোৱাৰ পিছতে নাবালিকা গৰাকীৰ চৰম সিদ্ধান্ত।

ইফালে ৰাইজে খেদি খেদি নিশাই আটক কৰে ভণ্ড প্ৰেমিক আবেদ উল্লাহক। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৰৈমাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ আবেদ উল্লাহক নিজৰ জিম্মালৈ নিয়ে। প্ৰেমৰ বাবেই এগৰাকী নাবালিকা চৰম সিদ্ধান্তৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।কৰিছে। আনহাতে এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।