গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৩ : বিজয়া দশমী দিনাই মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ (Dead Body)। হেঙেৰাবাৰীত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ ই-ৰিক্সা চালকৰ মৃতদেহ। হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। মৃত যুৱকজন নলবাৰীৰ জিলাৰ বুলি জানিব পৰা গৈছে। আনটো মৃতদেহ উদ্ধাৰ হয় লাখৰাৰ আন্তঃৰাজ্যিক বাছ অৱস্থানৰ সমীপত। মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশৰ মাজতে মহানগৰী গুৱাহাটীত সংঘটিত হৈ আছে অপৰাধজনীত ঘটনা। বিজয়া দশমীৰ দিনটো ইয়াৰ ব্যতিক্ৰম দেখিবলৈ পোৱা নগ’ল। বিজয়া দশমী দিনাই মহানগৰী গুৱাহাটীত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহানগৰীবাসীৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে মহানগৰীত। নিতৌ মহানগৰী গুৱাহাটীত সংঘটিত হৈ আছে চুৰি, ডকাইতি, হত্যা, ধৰ্ষণৰ দৰে অপৰাধমূলক ঘটনা।

বিজয়া দশমী দিনাই পুৱাৰ ভাগত মহানগৰী গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত হেঙেৰাবাৰী এল পি স্কুলৰ সমীপত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। মৃত যুৱকজনৰ নাম খগেন দাস আৰু পেছাত ই-ৰিক্সা চালক। যুৱকজনৰ ঘৰ নলবাৰী জিলাত বুলিও জানিব পৰা গৈছে। যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

জানিব পৰা মতে পুৱাৰ ভাগত যুৱকজনৰ লগত তিলেশ্বৰ দাস নামৰ আন এজন যুৱকৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে তিলেশ্বৰ দাস নামৰ যুৱকজনে ই-ৰিক্সা চালক খগেন দাসক হত্যা কৰি পেলাই থৈ যায়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে ঘটনাৰ পিছৰে পৰা তিলেশ্বৰ দাস পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তিলেশ্বৰ দাসক বিচাৰি অভিযান অব্যাহত ৰাখিছে। আনফালে পুৱাৰ ভাগতে লাখৰাৰ আন্তঃৰাজ্যিক বাছ অৱস্থানৰ সমীপত উদ্ধাৰ হয় দদ্বিতীয়টো মৃতদেহ। বাথৌপুৰীত ফেন্সিঙৰ ভিতৰত ট্ৰেন্সফাৰ্মাৰৰ তলত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। মৃতলোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।