লখিমপুৰ, ২৩ অক্টোবৰ, ২০২৩ : আৰক্ষী অধীক্ষক নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল ফেচবুক সাংবাদিক (Journalist)। আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ফেচবুক সাংবাদিকজনক। এটা ফেচবুক পেজ খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দি দীর্ঘদিন ধৰি সন্ত্ৰাসৰ চলাই আহিছিল। শেহতীয়াকৈ ধৰ্ষণৰ গোচৰ এটা মীমাংসা কৰি দিয়াৰ নামত ধন দাবী কৰিছিল ফেচবুক সাংবাদিকজনে। আৰক্ষীয়ে বিগত কেইবাদিন ধৰি ফেচবুক সাংবাদিকজনক বিচাৰি চলাই আছিল অভিযান।

নিজকে সাংবাদিক বুলি পৰিচয় দি দীর্ঘদিন ধৰি বিভিন্নজনৰ পৰা ধন দাবী কৰা এজন ফেচবুক সাংবাদিক পৰিছে আৰক্ষীৰ জালত। আৰক্ষী অধীক্ষক নামত ধন দাবী কৰি জালত পৰিছে ফেচবুক সাংবাদিকজন। এটা ধৰ্ষণৰ গোচৰ মীমাংসা কৰি দিয়াৰ বাবে আৰক্ষী অধীক্ষকৰ নাম লৈ ফেচবুক সাংবাদিকজনে দাবী কৰিছিল ধন। লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম লৈ ধন দাবী কৰিছিল ফেচবুক সাংবাদিকজনে।

ধৃত ফেচবুক সাংবাদিকজন আব্দুল কালাম বুলি জানিব পৰা গৈছে। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকজনক খেদি খেদি আটক কৰে আৰক্ষীয়ে।লখিমপুৰ জিলাৰ লালুক আৰক্ষীয়ে ৰে’লযোগে পলায়ন কৰাৰ চেষ্টা চলাই থকা সময়তে ফেচবুক সাংবাদিক আব্দুল কালামক খেদি খেদি আটক কৰে। ধৰ্ষণৰ গোচৰ মীমাংসা কৰাৰ বাবে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নামত ধন দাবী কৰাৰ পিছৰে পৰা ফেচবুক সাংবাদিকজনক বিচাৰি অভিযান চলাই আছিল লখিমপুৰ আৰক্ষী।

দেওবাৰে নিশাৰ ভাগত হাৰমতি ৰে’ল ষ্টেচনৰ ৰে’লযোগে পলায়ন কৰাৰ চেষ্টা চলাই থকা সময়তে লালুক আৰক্ষীয়ে খেদি খেদি আটক কৰে ফেচবুক সাংবাদিক আব্দুল কালামক। ফেচবুক সাংবাদিক আব্দুল কালামৰ লগতে আৰক্ষীয়ে আতিকুৰ ইছলাম নামৰ আন এজন দালালকো আটক কৰে। আৰক্ষীয়ে এখন বাহনো জব্দ কৰি বাহনখনৰ চালকজনক আটক কৰি জেৰা চলাই আছে বুলি জানিব পৰা গৈছে। ফেচবুক সংগদিকজনৰ বিৰুদ্ধে লালুক আৰক্ষী থানাত ৩৮৭/৫০৬/৩৪ আই পি চি নম্বৰৰ গোচৰ ৰুজু কৰি সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়।

জানিব পৰা মতে আব্দুল কালাম নামৰ ফেচবুক সাংবাদিকজন দীর্ঘদিন ধৰি বিভিন্নজনৰ পৰা ধন দাবী কৰি সন্ত্ৰাস চলাই আহিছিল। পূৰ্বেও আৰক্ষীৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হৈছিল ফেচবুক সাংবাদিক আব্দুল কালাম। আনকি ধন আনিবলৈ গৈ ৰাইজৰ ৰোষতো পৰিছিল আব্দুল কালাম। ৰাইজে আটক কৰি উত্তম মাধ্যম দি আব্দুল কালামক আৰক্ষীক গতাই দিছিল। ফেচবুক পেজ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দি সন্ত্ৰাস চলাই থকা আব্দুল কালাম আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল।