আজিজ আলী
মুকালমুৱা : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। পুনৰ অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিলে এক সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিল আৰক্ষীৰ।

অসম আৰক্ষীয়ে ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত ৰাখি আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত কেইবাজনো ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰী জালত পৰাৰ লগতে জব্দ হৈছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। অসম আৰক্ষীৰ এই সাফল্যৰ ধাৰা অব্যাহত আছে।

ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰা নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে পুনৰ এক সাফল্য লাভ কৰিছে। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই জালত পেলাইছে দুজন ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ৫৭৮ টা নিচাজাতীয় টেবলেট আৰু ৪ টা মোবাইল ফোন জব্দ কৰে মুকালমুৱা আৰক্ষীৰ অভিযানকাৰী দলটোৱে।

এক গোপন খবৰৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে বৰ্ণিবাৰীৰ চিৰাজুল হ’ক আৰু মুকালমুৱাৰ আলাউদ্দিন আহমেদ। বৰ্ণিবাৰীৰ চিৰাজুল হ’কৰ কবলৰ পৰা ৫৭৮ টা নিচাজাতীয় টেবলেট আৰু আলাউদ্দিন আহমেদৰ কবলৰ পৰা ৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ ৪ টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক হৈছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অতি কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ।